নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৭১ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাকিস্তানত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ ১৯৭১ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাকিস্তানত বাংলাদেশৰ দৰে পাকিস্তানৰ বুকুৰ পৰা পুনৰ নতুন দেশৰ জন্ম হ’ব শেহতীয়াকৈ ইছলামাবাদ প্রশাসনক এই সকীয়নি প্রদান কৰিছে আফগানিস্তানৰ তালিবান চৰকাৰৰ উপ–বিদেশ মন্ত্রী শ্বেৰ মহম্মদ স্তানিকজায়ে৷ আফগান শৰণার্থীসকলক ওভতাই পঠোৱাৰ পাছত পাকিস্তানৰ নীতিক সমালোচনা কৰি তালিবান নেতাগৰাকীয়ে কয় যে এনে পৰিস্থিতি অব্যাহত থাকিলে ১৯৭১ৰ পুনৰাবৃত্তি ঘটিব পাকিস্তানত৷ উল্লেখনীয় যে ১৯৭১ চনত পশ্চিম পাকিস্তানৰ দমন নীতিৰ প্রতিবাদত শ্বেখ মুজিবৰ ৰহমানৰ নেতৃত্বত মুক্তিযুদ্ধ আৰম্ভ হৈছিল পূব পাকিস্তানত৷ ইয়াৰ ফলশ্রুতিত পাকিস্তান ভাঙি আত্মপ্রকাশ ঘটিছিল নতুন দেশ বাংলাদেশৰ৷ এই যুদ্ধত ভাৰতে বাংলাদেশক নতুন দেশ হিচাপে জন্ম দিয়াৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিছিল৷ লক্ষণীয়ভাৱে পাকিস্তানৰ বিৰুদ্ধে এইবাৰ পাখতুন লোকসকলক দমন কৰাৰ অভিযোগ উঠিছে৷ ’৮০ৰ দশকত আফগানিস্তানত ছোভিয়েট সেনাৰ অনুপ্রৱেশ আৰু মুজাহিদ বাহিনীৰ সৈতে যুদ্ধৰ সময়ৰে পৰা আফগানিস্তানৰ পৰা পাখতুন জনগোষ্ঠীৰ শৰণার্থীসকলে পাকিস্তানত গৈ ভিৰ কৰিছিল৷ মূলতঃ পাখতুন অধ্যুষিত খাইবাৰ পাখতুনখাৱা প্রদেশ আৰু বেলুচিস্তানৰ উত্তৰ অঞ্চলত আশ্রয় লৈছিল আফগান শৰণার্থীসকলে৷ স্মর্তব্য যে এই অঞ্চলসমূহৰ অধিকাৰক লৈ বিগত কেইবা দশক ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত মতবিৰোধ চলি আহিছে৷ ২০২১ চনৰ আগষ্ট মাহত কাবুল তালিবানৰ দখললৈ অহাৰ পিছতে সীমান্ত চিহ্ণিতকৰণক লৈ দুয়োখন দেশৰ বিৰোধ আৰম্ভ হয়৷ লক্ষণীয়ভাৱে পাক সেনাৰ সৈতে সন্ত্রাসবাদী তেহৰিক–ঈ–তালিবান (টিটিপি)ৰ বিভিন্ন সময়ত চলি আহিছে সংঘর্ষ৷ এই সংঘর্ষত আফগান চৰকাৰে সন্ত্রাসবাদীক সহায় কৰা বুলিও পাক চৰকাৰে অভিযোগ কৰি আহিছে৷ এনে পৰিস্থিতিত যোৱা অক্টোবৰৰ পৰা পাক সেনাই আফগান শৰণার্থীসকলক বিতাড়ন আৰম্ভ কৰিছে৷ ইয়াকে লৈ সৃষ্টি হৈছে তালিবান চৰকাৰ আৰু পাকিস্তানৰ মাজত তীব্র মতানৈক্য৷ এই মতানৈক্য অব্যাহত থকাৰ সময়তে তালিবান মন্ত্রী স্তানিকজায়ে কঠোৰ সকীয়নি প্রদান কৰিলে আফগান চৰকাৰক৷ তাৎপর্যপূর্ণভাৱে এক সাক্ষাৎকাৰত স্তানিকজায়ে উল্লেখ কৰে যে আন্তর্জাতিক সীমান্তৰ দুয়োকাষত বাস কৰা পাখতুনসকলে কেতিয়াও পাকিস্তান আৰু আফগানিস্তানক পৃথক কৰা ডুৰাণ্ড লাইন মানি চলা নাই৷ অর্থাৎ কৌশলেৰে পাক ভূখণ্ডৰ ওপৰত আফগানিস্তানৰ অধিকাৰ থকা বুলি মন্তব্য কৰিছে স্তানিকজায়ে৷ স্মর্তব্য যে ভাৰতৰ ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমী (আইএমএ)ৰ ১৯৮২ৰ বেটছৰ শিক্ষার্থী আছিল স্তানিকজাই৷ তেতিয়া নেতাগৰাকী আছিল ছোভিয়েট ইউনিয়ন সমর্থিত আফগান ৰাষ্ট্রপতি মহম্মদ নাজিবুল্লাহৰ সেনাৰ ঘনিষ্ঠ ব্যক্তি৷

You might also like