নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাৰ খোৰাঘাট স্নানঘাট মন্দিৰত শক্তি যজ্ঞানুষ্ঠান

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খোৰাঘাটৰ ঐতিহাসিক স্নানঘাট মন্দিৰত প্ৰতিবছৰৰ দৰে এইবেলিও  তিনিদিনীয়া কাৰ্যসূচীৰে ২৯সংখ্যক বাৰ্ষিক শক্তি যজ্ঞানুষ্ঠানৰ আজি প্ৰথম দিনা সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি, আজি পুৱা বগৰীবাৰীৰ ঐতিহ্যমন্ডিত ২৫ হাত কালী মন্দিৰ প্ৰাংগণৰ পৰা সহস্ৰাধিক ভক্তিপ্ৰাণ লোকে ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।  বিভিন্ন সাংস্কৃতিক বেশভূষা পৰিধান কৰি বগৰীবাৰীৰ ২৫ হাত কালী মন্দিৰ প্ৰাংগণৰ পৰা শোভাযাত্ৰা উলিয়াই পাঁচ কি:মি: পদব্ৰজে অতিক্ৰম কৰি ঐতিহাসিক স্নানঘাট মন্দিৰৰ কাষতে থকা টিপকাই নৈৰ পৰা ভক্তিপ্ৰাণ ৰাইজে পানী তুলি যজ্ঞস্থলীত উপস্থিত হয়। পিছত বিজ্ঞ ব্ৰাহ্মণ পন্ডিতসকলৰ  বৈদিক মন্ত্ৰ উচ্চাৰণৰ যোগেদি যজ্ঞস্থলীত অগ্নি স্থাপন কৰে। আজি পুৱাৰে পৰা স্নানঘাট মন্দিৰৰত যজ্ঞস্থলীত বিশ্ব শান্তিৰ বাবে বিভিন্ন বৈদিক নীতি-নিয়ম আৰু মন্ত্ৰ উচ্চাৰণৰ যোগেদি এই ২৯ সংখ্যক তিনিদিনীয়া শক্তি যজ্ঞানুষ্ঠানৰ শুভাৰম্ভণি হয। এই উপলক্ষে আজিৰে পৰা ২৪ ফেব্ৰুৱাৰীলৈ শক্তি যজ্ঞানুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে ২২ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে মেলা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। কাৰ্যসূচী অনুসৰি, ২১ ফেব্ৰুৱাৰীত তথা আঠ ফাগুন বুধবাৰে স্নানঘাট মন্দিৰৰ যজ্ঞস্থলীত অধিবাস আৰু সন্ধিয়া পুৰোহিত বৰণ অনুষ্ঠিত হয় আৰু মাৰাই পূজা অনুষ্ঠিত হয়। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি, আজি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত শক্তি ষজ্ঞ আৰু বিশেষ পূজা হ’ব। লগতে  ইয়াৰ লগত সংগতি ৰাখি পুৱা বাথৌ পূজা অনুষ্ঠিত হ’ব। পিছত  সত্য নাৰায়ণ পূজা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। কাৰ্যসূচী অনুসৰি, ২৪ ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰৰ দিনা দুপৰীয়া এক বজাৰ পৰা শক্তি যজ্ঞৰ পূৰ্ণাহুতি  অনুষ্ঠিত হ’ব। এই উপলক্ষে সুদ্বীপ মুছাহাৰীক সভাপতি, হেমন্ত দাসক সম্পাদক হিচাপে লৈ এক শক্তিশালী স্নানঘাট শক্তি যজ্ঞ পৰিচালনা সমিতি গঠন কৰা হয়।  উল্লেখযোগ্য যে ১৯৯৩ চনত প্ৰয়াত সাধক পুৰুষ অমৰেন্দ্ৰ বৰদলৈৰ উদ্যোগত আৰু অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে এই শক্তি যজ্ঞানুষ্ঠান অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে বিশ্ব শান্তিৰ বাবে এই শক্তি যজ্ঞানুষ্ঠান অনুষ্ঠিত হৈ আছে। এইবেলিও স্নানঘাট মন্দিৰৰ এই যজ্ঞানুষ্ঠানত হাজাৰ হাজাৰ লোকৰ সহযোগত ব্যাপক উৎসাহ-উদ্দীপনাৰে শক্তি যজ্ঞানুষ্ঠানস্থলী ভৰি পৰিছে। লগতে স্নানঘাট মন্দিৰৰ ভাস্কৰ্য শিল্প কলা আৰু নিৰ্মাণ শৈলীৰ লগতে ইয়াৰ নৈসৰ্গিক সৌন্দৰ্য্যই  সকলোকে হাত বাউলি মাতিছে। লগতে যজ্ঞানুষ্ঠানত সকলো ভক্তিপ্ৰাণ ৰাইজক প্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰাৰ উপৰি অগণন ভক্তৰ সুবিধাৰ্থে প্ৰয়োজনীয় সকলোধৰণৰ ব্যৱস্থাৰ দিহা কৰা হৈছে।

প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like