নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দিল্লী চলো’ : ৰণক্ষেত্রত পৰিণত পঞ্জাব–হাৰিয়ানা সীমান্ত

🔹 চাৰিও দিশৰ পৰা দিল্লীক ঘেৰাও কৰা হ’ব : ৰাকেশ টিকাইট

বিশেষ বাৰ্তা, ২২ ফেব্রুৱাৰী : প্রতিবাদী কৃষকৰ সৈতে কেন্দ্রীয় চৰকাৰৰ চতুর্থলানি আলোচনাৰ প্রস্তাৱো বিফল হোৱাত দিল্লী চলো কার্যসূচী পুনৰ ৰূপায়ণ কৰিবলৈ কৃষকে নিজৰ স্থিতি অটল ৰখাৰ পৰিপ্রেক্ষিতত পঞ্জাব আৰু হাৰিয়ানা সীমান্তৰ সম্ভু আৰু খানৰি অঞ্চল কৃষক আৰু নিৰাপত্তা বাহিনীৰ ৰণক্ষেত্রত পৰিণত হৈছে৷ নিৰাপত্তা বাহিনীৰ অভেদ্য দুর্গক ভেদি দিল্লীলৈ প্রতিবাদ কৰিবলৈ অটল হৈ থকা কৃষক সংগঠনৰ স্থিতিৰ বাবেই নিৰাপত্তা বাহিনী আৰু কৃষকৰ মাজত খণ্ডযুদ্ধ হৈছে৷ এগৰাকী প্রতিবাদী কৃষকৰ নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত মৃত্যু ঘটা আৰু কেন্দ্রীয় চৰকাৰে কৃষকৰ দাবী সন্দর্ভত পুনৰ আলোচনাৰ বাবে আমন্ত্রণ জনোৱাৰ পৰিপ্রেক্ষিতত আজিৰে পৰা পুনৰ দুদিন দিল্লী চলো কার্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰিছে৷ দিল্লী চলো প্রতিবাদী কার্যসূচী স্থগিত ৰাখিলেও পঞ্জাব–হাৰিয়ানা সীমান্তত কেইবাসহস্ৰ কৃষকৰ প্রতিবাদী কার্যসূচী অব্যাহত আছে ৷ ঠিক তেনেদৰে ৰাজধানী দিল্লীৰ প্রৱেশ পথসমূহতো নিৰাপত্তা বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি কৃষকক ৰাজধানী চহৰত প্রৱেশত বাধা দি আছে৷ পৰিণতিত কৃষক আৰু নিৰাপত্তা বাহিনীৰ মাজত বিভিন্ন সময়ত খণ্ডযুদ্ধ চলি আছে৷ সম্ভু আৰু খানৰি অঞ্চলত প্রতিবাদ চলাই থকা কৃষক সংগঠনে প্রকাশ কৰা মতে নিৰাপত্তা বাহিনীয়ে পঞ্জাব সীমান্ত অতিক্রম কৰি কৃষকৰ ওপৰত নির্যাতন চলাইছে৷ অর্ধসামৰিক বাহিনীয়ে কৃষকৰ ওপৰত নির্যাতন চলোৱাই নহয়, ছজন লোকক অপহৰণ কৰি নিয়াৰ অভিযোগ কৰিছে প্রতিবাদী কৃষক সংগঠনে৷ কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষকৰ ওপৰত বর্বৰতাৰ সীমা অতিক্রম কৰিছে বুলিও অভিযোগ কৰিছে কৃষক সংগঠনে৷ লক্ষণীয় যে দিল্লী চলো কার্যসূচীৰে সীমান্তত প্রতিবাদেৰে বাহৰ পাতি থকা কৃষক সংগঠনৰ লগতে কৃষকসকলৰ ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে ছ’চিয়েল মিডিয়া এক্সৰ কর্তৃপক্ষক নির্দেশ দিছে৷ কেন্দ্রীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্রালয়ে কৃষকৰ প্রতিবাদৰ প্রতি লক্ষ্য ৰাখি ১১৭টা একাউণ্ট বন্ধ কৰিবলৈ নির্দেশ দিয়া বুলি চর্চিত হোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী দলসমূহে৷ সম্ভু আৰু খানৰি সীমান্তত নিৰাপত্তা বাহিনীৰ সংঘর্ষত কৃষকৰ মৃত্যু হোৱা ঘটনাক গৰিহণা জনাই কৃষক সংগঠনসমূহে আৰক্ষীৰ এই নির্যাতনৰ বাবে ক’লা পতাকা প্রদর্শন কৰিছে৷ দুদিন ধৰি প্রতিবাদ হিচাপে কৃষকসকলে এই ক’লা পতাকা প্রদর্শন কৰিব৷ কৃষক নেতা জগজিৎ সিং ডালেৱালে কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্রতীকী প্রতিবাদ হিচাপে প্রধানমন্ত্রী–কৃষিমন্ত্ৰীৰ প্রতিকৃতি দাহ কৰিব বুলি ঘোষণা কৰিছে৷ আৰক্ষীৰ নির্যাতনৰ বিৰুদ্ধে দেশজুৰি কৃষকসকলে প্রতিবাদ সাব্যস্ত কৰিব বুলিও ঘোষণা কৰিছে৷ আনহাতে, কৃষকৰ প্রতিবাদৰ প্রতি লক্ষ্য ৰাখি হাৰিয়ানাত ইণ্টাৰনেট সেৱা বাতিলৰ সময়সীমা পুনৰ সাত দিন বঢ়াই দিয়া হৈছে৷ লক্ষণীয় যে এইবেলি শস্যৰ ন্যূনতম সমর্থন মূল্য চমুকৈ এম এছ পি আইন প্রণয়নকে ধৰি কৃষকৰ বিভিন্ন সমস্যাৰ দাবীত দিল্লী চলো আন্দোলনৰ কার্যসূচী ঘোষণা কৰা এই প্রতিবাদী আন্দোলনত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইট প্রত্যক্ষভাৱে জড়িত হোৱা নাছিল৷ কিন্তু নিৰাপত্তা বাহিনীয়ে প্রতিবাদী কৃষকৰ ওপৰত চলোৱা বর্বৰ আক্রমণৰ পৰিপ্রেক্ষিতত আজি কৃষক নেতা ৰাকেশ টিকাইটে দিল্লী চহৰ চৌদিশৰ পৰা প্রতিবাদী কৃষকে ঘেৰাও কৰিব বুলি হুংকাৰ দিছে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে পঞ্চমলানি আলোচনাত যদি কৃষকৰ দাবীক লৈ সুমীমাংসা নহয়, তেতিয়াহ’লে পুনৰ দিল্লী চলো প্রতিবাদী কার্যসূচী আৰম্ভ হ’ব বুলিও কৃষক নেতা ৰাকেশ টিকাইটে সদৰী কৰিছে৷ তথ্য মতে, সংযুক্ত কিষাণ মর্চা আৰু ভাৰতীয় কিষাণ সংঘৰ উদ্যোগত কৃষক সংগঠনসমূহৰ মাজত আলোচনা অব্যাহত আছে৷ ঠিক তেনেদৰে কেন্দ্রীয় চৰকাৰৰ সৈতে কৃষক প্রতিনিধিৰ আলোচনাত যদি সু-মীমাংসা নহয়, তেতিয়াহ’লে কৃষক আন্দোলনে ভয়াৱহ ৰূপ ল’ব বুলিও প্রতিবাদী সংগঠনে ঘোষণা কৰিছে৷ ইপিনে, কৃষকৰ আন্দোলন চলি থকাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি গুজৰাটত গাখীৰ কোম্পানী আমূলৰ এক উৎসৱত অংশগ্রহণ কৰি কৃষকৰ আন্দোলনক লৈ প্রত্যক্ষভাৱে একো নক’লেও পৰোক্ষভাৱে এই আন্দোলন সন্দর্ভত তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে কৃষকৰ কল্যাণ নিশ্চিতৰ কাৰণে তেওঁলোকৰ চৰকাৰে চেষ্টাৰ ত্রুটি কৰা নাই৷ চৰকাৰে দেশজুৰি ৬০ হাজাৰ অমৃত সৰোবৰ নির্মাণ কৰিছে৷ এই ব্যৱস্থাই কেৱল কৃষককে লাভৱান্বিত নকৰে, দেশৰ গ্রাম্য অর্থনীতিও শক্তিশালী কৰিব৷ তেওঁলোকৰ লক্ষ্য হৈছে আধুনিক প্রযুক্তি যোগান ধৰা আৰু দেশৰ ক্ষুদ্র কৃষকক আগবঢ়াই নিয়া৷ কৃষক আন্দোলনৰ বিৰুদ্ধে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা পদক্ষেপক কংগ্রেছসহ বিৰোধী দলে কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰে কৃষকৰ দাবী সন্দর্ভত কাণেৰে নুশুনা, চকুৰে নেদেখা স্থিতি গ্রহণ কৰা বুলি বিৰোধীয়ে সমালোচনা কৰিছে৷

You might also like