আজি ২৫ ফেব্রুৱাৰী, ফাগুন মাহৰ ১২ তাৰিখ
দেওবাৰ : তিথি– কৃষ্ণা প্রতিপদ, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই
মেষ : কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল৷ দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
বৃষ : আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ বন্ধুৰ আন্তৰিকতা৷ প্রেমত বদনাম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মিথুন : অনুকূল পৰিৱেশ৷ শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি৷ আপোন ব্যক্তিৰ পৰা সুখ৷ কর্মব্যস্ততা থাকিব৷ ভ্রমণ, সন্মান আদিৰ যোগ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮৷
কর্কট : গুৰুজনাৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে৷ বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
সিংহ : উন্নত পৰিৱেশৰ আশা৷ পাৰিবাৰিক সু–সংবাদ পোৱাৰ কাৰক৷ আর্থিক দিশত কিছু ভালেই৷ পঢ়া–শুনাত যোগ্যতা থাকিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
কন্যা : মজলীয়াভাৱে দিনটোৱে সহায় কৰিব৷ কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে৷ বিশ্বাসক নিজ কর্মত ব্যৱহাৰ কৰক৷ বিদ্যাত শুভ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬৷
তুলা : আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ ব্যৱসায়ত গুপ্ত শত্রুৰ পৰা সাৱধান৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব৷ ঘৰুৱাত নতুন পৰিকল্পনা৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷
বৃশ্চিক : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
ধনু : ঘৰুৱা দিশত বেয়া নহ’ব৷ দুই–এটা চেষ্টাত সফল৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মকৰ : খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩৷
কুম্ভ : সাৱধানে চলক৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷ বাদ–বিসম্বাদৰ পৰা আঁতৰক থাকক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷
মীন : ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷