নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰীয়া কন্যাক লৈ প্ৰেমিকৰ লগত পলায়ন তিনি সন্তানৰ মাতৃৰ

🔹 পত্নী-সন্তানক বিচাৰি মানকাচৰ থানাত গোচৰ স্বামীৰ

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালোঘাট, নতুন গাঁৱৰ তিনি সন্তানৰ মাতৃক মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুছনীমাৰা গাঁৱৰ খুকা মিয়াৰ পুত্ৰ মফিদুল ইছলাম নামৰ বিবাহিত লোক এজনে পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। যোৱা বুধবাৰৰ নিশা মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালোঘাট, নতুন গাঁৱৰ তিনি সন্তানৰ মাতৃগৰাকীক পাঁচ বছৰীয়া কন্যাসহ পলুৱাই লৈ যায় মানকাচৰৰ কুছনীমাৰা গাঁৱৰ মফিদুল ইছলাম নামৰ লোকজনে। দুয়োৰে মাজত ভালপোৱাৰ সম্পৰ্ক আছিল বুলি মহিলাগৰাকীৰ স্বামীগৃহৰ লোকে সদৰী কৰিছে। পত্নীক বিচাৰি স্বামীগৰাকীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰাৰ পিছতো কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। ইতিমধ্যে বৃহস্পতিবাৰৰ দিনা মানকাচৰ আৰক্ষী থানাত নিৰুদ্দেশ হোৱাৰ গোচৰ তৰে আৰু আজি পুনৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুছনীমাৰা গাঁৱৰ মফিদুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে হালিম বাদশাই পত্নীক পলুৱাই নিয়া সন্দৰ্ভত এক গোচৰ তৰে। লক্ষণীয় যে বুধবাৰৰ নিশা মানকাচৰ কালোঘাট, নতুন গাঁৱৰ হালিম বাদশাৰ পত্নীক মফিদুল ইছলামে ৭০ হাজাৰ টকাৰ লগতে সোণৰ অলংকাৰসহ পলুৱাই নিয়া ঘটনাই অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীৰ সন্ধানত মানকাচৰ আৰক্ষী থানাত হাহাকাৰ লগাইছে হালিম বাদশাই।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like