দেশৰ শক্তিশালী ব্যক্তিৰ চতুর্দশ স্থানত ড০ হিমন্ত বিশ্ব শর্মা
ইণ্ডিয়ান এক্সপ্রেছৰ সমীক্ষা প্ৰকাশ
দেশৰ সবাতোকৈ শক্তিশালী ব্যক্তিৰ শীর্ষত নৰেন্দ্র মোদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ ফেব্ৰুৱাৰীঃ দেশৰ সবাতোকৈ শক্তিশালী ১০০ ব্যক্তিৰ তালিকা প্রকাশ কৰিছে ইণ্ডিয়ান এক্সপ্রেছে৷ ২০২৪ বর্ষৰ সবাতোকৈ শক্তিশালী ১০০ ব্যক্তিৰ তালিকাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শীর্ষস্থান লাভ কৰিছে৷ শীর্ষ ১০ত বিজেপিৰ সাত ৰাজনীতিকে স্থান লাভ কৰাৰ বিপৰীতে শীর্ষ ১০ত নাই বিশ্বৰ ধনাধ্য ব্যক্তিৰ অন্যতম তথা ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানি৷ তালিকাত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই চতুর্দশ স্থান লাভ কৰিছে৷ তালিকাখনত বিজেপি ৰাজনীতিকৰ দপদপনিৰ বিপৰীতে উদ্যোগপতি, খেলুৱৈ আৰু চলচ্চিত্র উদ্যোগৰ ব্যক্তিও স্থান লাভ কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে শীর্ষ স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, তৃতীয় স্থানত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত, চতুর্থ স্থানত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, পঞ্চম স্থানত কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰ, ষষ্ঠ স্থানত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, সপ্তম স্থানত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ অষ্টম স্থানত, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা নৱম স্থানত আৰু আদানি গ্রুপৰ অধ্যক্ষ উদ্যোগপতি গৌতম আদানিয়ে দশম স্থান লাভ কৰিছে৷ তাৎপর্যপূর্ণভাৱে ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে একাদশ স্থান লাভ কৰিছে৷ দ্বাদশ স্থানত কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল, ত্রয়োদশ স্থানত কেন্দ্রীয় ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱ, পঞ্চদশ স্থানত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, ষষ্ঠদশ স্থানত কংগ্রেছ সাংসদ ৰাহুল গান্ধী, সপ্তদশ স্থানত ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, ১৯তম স্থানত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু ২০তম স্থানত আৰবিআইৰ গৱর্নৰ শক্তিকান্ত দাস৷ পৰৱর্তী স্থানসমূহ কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না, কর্ণাটকৰ মুখ্যমন্ত্রী সিদ্দাৰামায়া, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়া, বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ, তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন, ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানি আৰু বলীউডৰ ছুপাৰ ষ্টাৰ শ্বাহৰুখ খান৷ তালিকাত টাটা গ্রুপৰ অধ্যক্ষ নটৰাজন চন্দ্রচেকৰন, কংগ্রেছৰ প্রাক্তন সভানেত্রী ছোনিয়া গান্ধী, ইডিৰ কার্যবাহী সঞ্চালক ৰাহুল নবিন, কেন্দ্রীয় মন্ত্রী ভূপেন্দৰ যাদৱ, অনুৰাগ ঠাকুৰ, ধর্মেন্দ্র প্রধান, আৰএছএছৰ সাধাৰণ সম্পাদক দত্তত্রেয় হোচাৱলে, বিচিচিআইৰ সচিব জয় শ্বাহ, কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জ্জুন খার্গে, উদ্যোগপতি আজিম প্রেমজী, ক্রিকেটাৰ বিৰাট কোহলি আদি আছে৷ এথলীটৰ ভিতৰত ভিনেশ ফগটে এই তালিকাত স্থান লাভ কৰিছে৷