বালিপৰাত এক্সিছ বেংকৰ নতুন শাখা মুকলি
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ শোণিতপুৰৰ বালিপৰাত আজি মুকলি কৰা হয় এটা বিত্তীয় প্ৰতিষ্ঠান। এক্সিছ বেংক নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ বালিপৰা শাখাটো শুভ উদ্বোধন কৰে শোণিতপুৰ জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া কৰবী কৰণ শইকীয়াই। মুকলি অনুষ্ঠানটিত বালিপৰা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনিশ ঠাকুৰ, ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, বেংকটোৰ চাৰ্কোল হেড অংশুমান চমনতাৰী, কাষ্টাৰ হেড ৰিচি ৰাই, চাৰ্কোল লায়াবিলিটী হেড হেমেন মেধি, শাখা পৰিচালক পূৰ্ণ লেংকা, এইছ আৰ হেড অৰ্ণৱজান কাশ্যপৰ লগতে বেংকটোৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া, ৰাইজ, ব্যৱসায়ীসকল উপস্থিত থাকে। উল্লেখ্য যে শোণিতপুৰ জিলাত এক্সিছ বেংকৰ পঞ্চমটো শাখা বালিপৰা-চাৰিদুৱাৰ পথত শুভ উদ্বোধন কৰা হয়। অসমত এক্সিছ বেংকৰ শাখা ১০২ আৰু উত্তৰ পূৰ্বাঞ্চলত ১৭৩টা শাখা আছে। বেংকৰ শাখাটোৰ জৰিয়তে বালিপৰা অঞ্চলৰ অৰ্থনৈতিক সৱলীকৰণত সহায়ক হ’ব বুলি আশা কৰা হৈছে।
প্ৰেৰক প্ৰাঞ্জল বৰা