নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত পথৰ পৰা বাগৰিল মাটিভৰ্তি ডাম্পাৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।ভূৰাগাঁও বৰডোবাত মথাউৰিৰ গড়কাপ্টানী পথৰ পৰা তলত বাগৰি পৰে মাটি কঢ়িওৱা ডাম্পাৰ। দুৰ্ঘটনাগ্ৰস্ত AS21 C 5587 নম্বৰৰ ডাম্পাৰেৰে মাটি লৈ আহি থাকোঁতে নৱনিৰ্মিত মথাউৰিৰ পৰা তলত বাগৰি পৰে। এই দুৰ্ঘটনাত ড্ৰাম্পাৰ চালক আহত হয়। উল্লেখ্য যে মৰিগাঁও-ভূৰাগাঁও সংযোগী পথৰ ৰথখোলাৰ পৰা বৰডোবালৈ প্ৰায় এক কি:মি: মথাউৰি নিৰ্মাণ কৰিছে। কিন্তু জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ বিভাগে মেৰামতিৰ ব্যৱস্থা কৰা নাই। যাৰ ফলত মথাউৰি নিৰ্মাণ কৰা পথছোৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে। স্থানীয় ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতিৰ বাবে দাবী জনায়।

প্ৰেৰক আবুল কালাম

You might also like