পঞ্জাবলৈ স্থানান্তৰৰ দাবীৰে অটল কাৰাবন্দী
বিশেষ বাৰ্তা, ১ মাৰ্চঃ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ অঘটন। খালিস্তানৰ উগ্ৰ সমৰ্থক ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপল সিং আৰু তেওঁৰ ৯জন সহযোগীয়ে এইবাৰ আৰম্ভ কৰিলে আমৰণ অনশন। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰখনৰ ১৪নং চেলত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দী হৈ থকা কেউজন বন্দীয়ে বিগত ৬ দিন ধৰি আমৰণ অনশন কৰিছে। ফলত বসন্ত সিং নামৰ অমৃত পলৰ সহযোগীগৰাকীৰ শাৰীৰিক অৱস্থা শোচনীয় হৈ পৰে। বিগত ছয় দিনে একো খাদ্য গ্ৰহণ কৰাত বসন্ত সিঙৰ অৱস্থা শোচনীয় হৈ পৰাত তাৎক্ষণিকভাবে কাৰাগাৰতে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰথমাৱস্থাত বসন্ত সিঙে চেলাইন লবলৈকো অস্বীকাৰ কৰিছিল যদিও শেষত চিকিৎসকৰ হেঁচাত চেলাইন লবলৈ বাধ্য হয়। বৰ্তমানে বসন্ত সিঙৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। এগৰাকীৰ বাহিৰে ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃত পলৰ সতে অনান্য বন্দীসকলৰ স্বাস্থ্য স্বাভাৱিক বুলিও সুত্ৰত প্ৰকাশ। অমৃত পল আৰু তেওঁৰ সহযোগীৰ দাবী যে তেওঁলোকক শীঘ্ৰেই পাঞ্জাৱলৈ স্থানান্তৰিত কৰিব লাগে। পাঞ্জাৱলৈ স্থানান্তৰ নকৰা পৰ্যন্ত তেওঁলোকে আমৰণ অনশন অব্যাহত থাকিব বুলিও জানিব পৰা গৈছে। আমৰণ অনশনত অৱস্থান কৰাৰ পাছৰে পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কৰ্তৃপক্ষৰ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিগত ছয় দিন ধৰি এক চিকিৎসকৰ দলে অমৃত পলৰ লগতে কেউজনক নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আছে। উল্লেখ্য যে যোৱা ১৭ ফেব্ৰুৱাৰীত ২৪ ঘন্টাই তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থাৰে অহৰ্নিশে চিচি কেমেৰাৰ নিৰীক্ষণত থকা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১৪নং চেলত কেইবাটাও অকৰ্তৃত্বশীল তথা আপত্তিজনক ইলেকট্ৰনিকচৰ সামগ্ৰী উদ্ধাৰ কৰিছিল। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত চিম কাৰ্ড থকা এটা স্মাৰ্টফোন, এটা কিপেড ফোন, এটা কিবৰ্ড থকা টিভি ৰিম’ট, এটা স্পাই-কেম পেন, পেন ড্ৰাইভ, ব্লুটুথ হেডফোন আৰু স্পীকাৰসহ এটা স্মাৰ্টৱাচ আছিল। খালিস্তানী সমৰ্থক তথা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিঙক পঞ্জাৱত গ্ৰেপ্তাৰ হোৱাৰ পিছত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।তেওঁৰ লগত আছে ৯ জন ঘনিষ্ঠ সহযোগী। সকলোকে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু হিংসাক উচটনি দিয়া, হত্যাৰ চেষ্টা, আৰক্ষী জোৱানক আক্ৰমণ কৰাৰ পৰা আৰম্ভ কৰি আইন প্ৰয়োগকাৰী সংস্থাসমূহক বাধা প্ৰদান কৰাৰ লগতে অন্যান্য অপৰাধমূলক কাৰ্যৰ বাবেই ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। ডিব্ৰুগড় কাৰাগাৰত বন্দী অমৃতপল সিঙৰ সহযোগীসকল হ’ল ক্ৰমে পাপলপ্ৰীত সিং, দলজীত সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহাল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং (অমৃতপল সিঙৰ ককাক), বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকে।উল্লেখযোগ্য যে ১৮৫৯ চনত নিৰ্মিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন উত্তৰ-পূবৰ আটাইতকৈ পুৰণি কাৰাগাৰ। য’ত ৬৮০ জন বন্দী থকাৰ সকলো সুবিধা আছে।জানিব পৰা অনুসৰি বৰ্তমানে কাৰাগাৰখনত ৩৩০ জনতকৈও কম কয়দী ভৰ্তি হৈ আছে।
প্ৰেৰক বিভাস দুৱৰা