নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই দলত নাই মই অকলে, দল খোলাটো সাধাৰণ কথা নহয়ঃ জুবিন

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ‘মই কোনো দলত নাই, মই অকলে । দল খোলাটো ইমান সহজ কথা নহয় । প্ৰথমো ‘কা’খন ঠিক হৈ লওকচোন , তাৰ পৰা ভাবিম দলৰ কথা ।’ – আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দল সম্পৰ্কে জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে বুধবাৰে এই মন্তব্য প্ৰদান কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ।

কাবিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা জুবিন গাৰ্গে ফিল্মফেয়াৰত মুখ্যমন্ত্ৰীক সাৱটি ধৰা সম্পৰ্কত কয় যে , এইটো মোৰ ভদ্ৰতা মই যিহেতু তেওঁক ককাইদেউ বুলি সম্বোধন কৰোঁ তেন্তে এইয়া একো অপৰাধ নহয় ।

You might also like