শিৱ মন্দিৰ ধ্বংসক কেন্দ্ৰ কৰি শিলচৰত উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : শিলচৰ পাৰ্ক ৰোড নাৰী শিক্ষা হাস্পতালৰ সন্মুখত বহু পুৰণি শিৱ মন্দিৰ ভাঙি পেলোৱাক লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বজৰং দল আৰু স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তো ঘটনাস্থলীত উপস্থিত হয়। ঘটনা অনুসৰি, দেওবাৰে নিশা নলাত কাম কৰিবলৈ অহা পৌৰসভাৰ কৰ্মীসকলে জেচিবিৰে শিৱ মন্দিৰ ভাঙি পেলায়। পিছদিনা এই খবৰ পোৱাৰ পিছতেই পুৱাতে বজৰং দলৰ নেতা কৰ্মী ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পাল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মী মিথুন নাথে যোগদান কৰে। অভিজিৎ পাল আৰু মিথুন নাথে সংবাদ মাধ্যমৰ আগত কয় যে পৌৰসভাৰ জেচিবিয়ে শিৱ মন্দিৰ ভাঙি পেলোৱাৰ লগতে শিৱলিংগ ভাঙি নলাত পেলাই দিয়াৰ ঘটনাটো অতি দুখজনক আৰু নিন্দনীয়।পৌৰসভাৰ শ্ৰমিকসকলে কৰা কাম কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। শিলচৰ পৌৰসভাক কঠোৰ ভাষাৰে গৰিহণা দি এই কাণ্ডৰ সৈতে জড়িতসকলক আইন অনুসৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। অভিজিত পাল আৰু মিথুন নাথেও শিৱ মন্দিৰ পুনৰ নিৰ্মাণৰ দাবী জনায়। তদুপৰি দাবী অনুযায়ী মন্দিৰ নিৰ্মাণ নহ’লে প্ৰতিবাদ অব্যাহত ৰাখিব।
প্ৰেৰক গৌতম তালুকদাৰ