নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ মটৰচাইকেল ৰেলী

🔹 ধুবুৰীত বদৰুদ্দিন আজমলৰ জৰা-ফুঁকাৰ ৰাজনীতি উফৰাই পেলোৱাৰ সংকল্প

বিশেষ বাৰ্তা, ৫ মাৰ্চ : বিলাসীপাৰাত অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদে  এক মটৰচাইকেল ৰেলী উলিয়ায় । অসম ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ নেতৃত্বত উলিওৱা হয় এই ৰেলী। যুৱ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াক বেলতলীৰ পৰা বিলাসীপাৰা চহৰত বিশাল বাইক ৰেলীৰে আদৰণি জনায়। সমাগত ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। সমান্তৰালভাৱে পিছপৰি থকা নাই অসম গণ পৰিষদ দলো। তদুপৰি ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰাত যুৱ পৰিষদে অনুষ্ঠিত কৰে বিশেষ পৰ্যালোচনা সভা। উক্ত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই, কার্য্যকৰী সভাপতি হৃষীকেশ শর্মা আৰু অসম ভাষিক সংখ্যালঘুৰ কেন্দ্ৰীয় সভাপতি মিঠুন ৰয়। বিলাসীপাৰাৰ এই পৰ্যালোচনা সভাৰ পৰাই আগন্তুক দিনত ধুবুৰীত বদৰুদ্দিন আজমলৰ জৰা-ফুঁকাৰ নিকৃষ্ট ৰাজনীতি উফৰাই পেলাব বুলি সংকল্প লয় ভাতৃ সংগঠনটোৰ কৰ্মকৰ্তাসকলে।ধুবুৰী লোকসভাত এইবাৰ অগপৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like