নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ মার্চৰ পিছত ইডিৰ জেৰাৰ বাবে সাজু কেজৰিৱাল

বিশেষ বাৰ্তা, ৫ মার্চ : আবকাৰী কেলেংকাৰিৰ গোচৰত কেন্দ্রীয় সংস্থা এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)ৰ তলব আঠবাৰ অগ্রাহ্য কৰিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷ শেহতীয়াকৈ কেজৰিৱালে মন্তব্য কৰিছে যে ইডিৰ মুখামুখি হ’বলৈ তেওঁ সাজু৷ আগন্তুক ১২ মার্চৰ পিছত ইডিয়ে তলব কৰিলে সংস্থাটোৰ কার্যালয়ত হাজিৰ হ’ব বুলি ঘোষণা কৰিছে কেজৰিৱালে৷ কালি হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছিল কেজৰিৱালক৷ কিন্তু পত্র লিখি আগন্তুক ১২ মার্চৰ পিছত তেওঁ হাজিৰ হ’বলৈ প্রস্তুত বুলি জনাই দিছে৷

You might also like