নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ’বলৈ গৈ আছে : প্ৰমোদ বড়ো

দোতমাত বিটিআৰ চৰকাৰৰ উদ্যোগত বিকাশ যাত্ৰা
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : কোকৰাঝাৰ জিলাৰ অধীনস্থ দোতমা পৰিষদীয় সমষ্টিৰ দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলা প্ৰশাসন আৰু বিটিআৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হয় বিকাশ যাত্ৰা। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমিখ হৈ পৰে।  আজিৰ অনুষ্ঠানতেই বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে কয় যে ভাৰতৰ ভিতৰত অসম এখন শ্ৰেষ্ঠ ৰাজ্য হবলৈ গৈ আছে। ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ নৱ কুমাৰ শৰণীয়াক কটাক্ষ কৰি কয় যে যিনে ৫০০০ ভোট পায় সিও কয় মোৰ বিকল্প নাই। বৰ্তমান পৰিৱেশ সলনি হৈছে। গতিকে ইয়াত শৰণীয়াৰ আৰু কাম নাই। অনুষ্ঠানত কেইবাজনো ইএমৰ লগতে কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ উপৰি জিলা আয়ুক্ত উপস্থিত থাকে। উক্ত অনুষ্ঠানতেই কৃষকসকললৈ পাৱাৰটিলাৰ বিতৰণ কৰে।
প্ৰেৰক কৃষ্ণ বৰ্মন
You might also like