নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত ১৪৮ কোটিৰ উন্নয়নমূলক প্রকল্প উদ্বোধন-শিলান্যাস মুখ্যমন্ত্ৰীৰ

অসমে দিগবিজয় যাত্ৰালৈ গতি কৰিছে
অনাগত ১০ দিনত ৰাজ্য চৰকাৰৰ ধনেৰে অসমত ২৩ হাজাৰ কোটিৰ কাম হব

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ “বিকাশৰ এক নতুন যাত্ৰাৰে সম্প্ৰতি অসম দিগবিজয় যাত্ৰালৈ গতি কৰিছে৷ অহা দহ দিনৰ ভিতৰত অকল ৰাজ্য চৰকাৰৰ ধনেৰে অসমত মুঠ ২৩ হাজাৰ কোটি টকাৰ কাম হব৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি পাঠশালাৰ চৌখুটীত ‘বিকাশ যাত্রা’ৰ অধীনত বজালী জিলাৰ বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য কৰি কয় যে এই ২৩ হাজাৰ কোটি টকাৰ উন্নয়নৰ এই কামৰ শুভাৰম্ভ ইতিমধ্যে যোৱা পাঁচটা দিনৰ পৰা চলি আছে৷ বজালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখৰ পথাৰত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানত ১৪৮ কোটি টকাৰ প্ৰকল্পৰ ভাৰ্চুৱেলী শিলন্যাস আৰু উদ্বোধন কৰি ড৹ শৰ্মাই কয় যে বজালী জিলা গঠন হোৱাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ বাবে জিলাখন ভংগ কৰিবলগীয়া হয় যদিও আজিৰ পৰা বজালী জিলা আৰু কেতিয়াও ভাঙিব নালাগে৷ যাৰ বাবে পাঠশালাত বজালী জিলাৰ ছয় মহলীয়া (G+5) সংহত আয়ুক্ত কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰথম পৰ্যায়ত ৪৮ কোটি টকাৰ বাজেটেৰে জিলা আয়ুক্তৰ কাৰ্যলয় নিগাজী কৰা হব৷ ইয়াৰ পিছৰ পৰ্যায়ত আৰু ৫০ কোটি টকা আৱণ্টন দি জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ কাৰ্যালয় স্থাপন কৰা হব বুলি মন্তব্য কৰি কয় যে যোৱা বছৰো বজালীত বিকাশৰ যাত্ৰা আৰম্ভ কৰি ৪৮ কোটি টকাৰে ভট্টদেৱ বিশ্ববিদ্যায়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা কাম প্ৰায় ৪০ শতাংশ সম্পুৰ্ণ হৈছে৷ এই কাম এশ শতাংশ সম্পুৰ্ণ হোৱাৰ পিছত পুনৰ ৫০ কোটি টকা অনুদান দিয়া হব বুলি ঘোষণা কৰি পাঠশালাস্থিত মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় জিলা চিকিৎসালয়লৈ উন্নীত কৰা হব বুলিও অনুষ্ঠানত উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিমট কণ্ট্ৰ’লৰ বুটামি টিপি ভৰ্চুৱেলী সংহত বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণৰ বাবে ৪৮.২৩ কোটি টকা, বজালী জিলাৰ অন্তৰ্গত পহুমাৰা নৈৰ বান প্ৰতিৰোধ প্রকল্পৰ বাবে ২৫.০০ কোটি টকা, মুখ্যমন্ত্ৰীৰ পকী পথ নির্মাণ আচঁনি আৰু মুখ্যমন্ত্ৰীৰ পথ নবীকৰণ আচঁনিৰ অন্তর্গত ২০ টা পথৰ বাবে ১৬.৪৩ কোটি টকা, ভৱানীপুৰ-মানাহ সংযোগী পথত সৰুপেটাস্থিত ৰেলগেট নং এছ. কে. ৩৪ৰ স্থানান্তৰাৰ্থে ৰেলপথৰ ওপৰেদি উৰণসেতু নির্মাণৰ বাবে ৩৩.৭৪ কোটি টকা, লোক নির্মাণ বিভাগৰ পাটাছাৰকুছিৰ পৰিদৰ্শন বাংলাৰ বাবে ০.৬১ কোটি টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তর্গত জল জীৱন আচঁনিৰ অন্তর্গত ২০ টা পানী যোগানৰ ১১.০২ কোটি টকাৰ আচনিৰ শুভ উদ্বোধন, বজালীৰ সখী একক অৱস্থান কেন্দ্রৰ বাবে ০.২৫ কোটি টকা, ০.৭৫ কোটি টকা ব্যয় সাপেক্ষে নিদা ২০২২-২৩ৰ অধীনত ৩টা আদর্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্ধোধন, নাৱাৰ্ডৰ অধীনত আৰ আই ডি এফ- XXVI আচঁনিৰ অধীনত পাটাছাৰকুছি অঞ্চলি পথৰ পাটাছাৰকুছিৰ পৰা নিত্যানন্দলৈ নির্মাণৰ বাবে ৮.৭৩ কোটি টকা, ১ কোটি টকা ব্যয় সাপেক্ষ ২০২১-২২ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অধীনত ৫ টা গাও-পঞ্চায়ত ভৱনৰ শুভ উদ্ধোধন আৰু ২.৬২ কোটি টকা ব্যয় সাপেক্ষ ভৱানীপুৰ আৰক্ষী চকীৰ পি. ই. বি. আৰক্ষী বেৰেকৰ শুভ উদ্বোধন কৰি কয় যে বিগত সময়ছোৱাত বানে বিপৰ্যস্ত কৰা বজালী জিলাৰ পহুমৰা নৈত বানত দুৰ্গতসকলৰ কথা চিন্তা কৰি আগত দিনত বান প্ৰতিৰোধৰ বাবে তেওঁ বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবি আহিছিল আৰু এনে এক প্ৰেক্ষাপটতে আজি নদীখনৰ মথাউৰিৰ ব্যৱস্থাৰ আজি শুভাৰম্ভ কৰি জিঅ’ টেক্সটাইল টিউবৰ জৰিয়তে ৭,২৭৮ মিটাৰ দৈর্ঘ্য সাঙুৰি পহুমৰা নদীৰ সোঁ আৰু বাঁওপাৰৰ মথাউৰিৰ মজবুতকৰণ কৰা হব বুলি ঘোষণা কৰে৷ বজালীৰ বিকাশত এন নতুন ধাৰাৰ আজি সুচনা কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে অসমত এতিয়া যি উন্নয়নৰ ধাৰা অব্যাহত আছে যদি অনাগত দিনত কোনেও আন্দোলনৰ পৰিৱেশৰ সৃষ্টি নকৰে তেনেহ’লে অহা ৫-৬ বছৰত অসমত উদ্যেগীকৰণৰ নতুন বিপ্লৱৰ সুচনা হব৷ ড৹ শৰ্মাই কয় যে অসমৰ অৰ্থনীতিৰ বিকাশক আৰু আগুৱাই লৈ যাব পাৰিলে অনাগত দিনত অসম দক্ষিণ পূৱ এচিয়াৰ দুৱাৰমুখ হব৷ তেওঁ কয় যে বিগত দুটা বছৰত অসমৰ পাহাৰ ভৈয়াম, নগৰ চহৰ সকলোতে সম উন্নয়ন হৈছে৷ সকলো উগ্ৰপন্থী সমস্যা সমাধান হৈ আজি অসমত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ অসমৰ দৰে ৰাজ্যত ১৭খনকৈ কেঞ্চাৰ নিৰ্মাণৰ কাম চলি আছে৷ যোৱাটো নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ভাষণসমূহত আগত ৫ বছৰত এক লাখ চাকৰি দিম বুলি কোৱাত সকলোৱে এয়া অসম্ভৱ বুলি কৈছিল৷ কিন্তু সেই অসম্ভৱক সম্ভৱ কৰি আজি মাত্ৰ দুটা বছৰত ৯৭ হাজাৰ যুৱকক চৰকাৰী চাকৰি দিয়া হ’ল৷ সকলোৰে বাবে অসম্ভৱ যেন লগা এক লাখ চাকৰি সম্পুৰ্ণ কৰিবলৈ আৰু মাত্ৰ তিনি হাজাৰ বাকী থকা সময়ত এই ধাৰা অব্যাহত ৰাখি পুনৰ ৩৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে৷ অসমত যিমান নিকাভাৱে চৰকাৰী চাকৰি দিয়া হৈছে, ভাৰতৰ আন ৰাজ্যত ইমান নিকাভাৱে চাকৰি পায় নে সেয়া মই দাঠি দি কব নোৱাৰো বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ এই দুটা বছৰৰ ভিতৰতে ২৮ লাখক অৰুনোদয়, ৪২ লাখক ৰেচন কাৰ্ড, ২০ লাখক মিচন বসুন্ধৰাৰ অধীনত মাটি ম্যাদীকৰণ, ১২ লাখ মহিলাৰ লোন মাফ কৰা হ’ল৷তেও পনৰাই কয় যে ৰাজ্যত বৰ্তমান ২৩ খন মেডিকেল কলেজৰ কাম চলি আছে, সমষ্টি পুনৰনিৰ্ধাৰণৰ জৰিয়তে ১০৫ টা সমষ্টি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰা হ’ল, ৩ হাজাৰ কোটি টকাৰ ড্ৰাগছ নষ্ট কৰি যুৱ প্ৰজন্মক বৰবিহৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ল৷ ইয়াৰোপৰি মাটিৰ দালাল, সুতখোৰৰ বিৰুদ্ধে ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাৰ ফলতে ২০২৬ চনৰ পিছত অসমত দালাল ৰাজ সম্পুৰ্ণৰূপে বন্ধ হব৷ অৰ্থাৎ অসমত দালাল শব্দটো অপ্ৰযোজ্য হৈ পৰিব৷ এখন ৰেচন কাৰ্ডত পাঁচটা সুবিধা প্ৰদানৰ চিন্তা চৰ্চা চলি থকা বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁৰ আৰু এটা সপোন আছে আই মাতৃসকলক লাখপতি বনোৱাৰ৷ লাখপতি বাইদেউৰ লগতে ছোৱালী বিলাকৰ বাবেও “নিযুত মইনা” আঁচনিৰ সুচনা কৰি এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী ছোৱালীক উচ্চতৰ মাধ্যমিক পঢ়াবলৈ বেংক একাউণ্টত দহ হাজাৰ টকাকৈ, স্নাতক পঢ়ুৱাবলৈ দহ হাজাৰ আৰু স্নাতকোত্তৰ পঢ়ুৱাবলৈ ১৫ হাজাৰ টকা প্ৰদান কৰা হব৷ আৰু এই আঁচনি চৰকাৰীৰ লগতে বেচৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ছোৱালীও পাব বুলি কয়৷ আনহাতে এই আচঁনিক লৈ লৰা বিলাকে আক্ষেপ কৰিব নালাগে বুলি কৈ কয় যে পৰৱৰ্তী সময়ত লৰাৰ বাবেও এনেকুৱা আঁচনি অনা হব৷ পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সভাত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিকাশৰ উন্নয়ন কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰে৷ অনুষ্ঠানত ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰে ভাষণ প্ৰদান কৰি কয় যে ইতিমধ্যে বিকাশৰ গোন্ধ অসমৰ চৌদিশে বিয়পি পৰিছে৷ আজি বজালীতো এই বিকাশৰ গংগা বৈছে বুলি মন্তব্য কৰি বজালীত ৰিবৰিবকৈ বৈ থকা এই বিকাশৰ বতাহ আজিৰ পৰা আৰু তীব্ৰ হব৷ তেওঁ কয় যে মহাপুৰুষ শংকৰদেৱ যেনেদৰে আমাৰ জাতিৰ গুৰু তেনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অসমৰ বিকাশৰ গুৰু৷ বিতোপন ৰায় ডিহিঙীয়া, বিজেপিৰ বজালী জিলাৰ সভাপতি নগেন চৌধুৰী, অগপৰ বজালী জিলাৰ সভাপতি জিণ্টু চৌধুৰী, পাঠশালা পৌৰ সভাৰ পৌৰপতি জলি চৌধুৰী, পাটাছাৰকুছি পৌৰসভাৰ জয়ন্ত তহবিলদাৰ, অগপৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস সহিতে কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানটো অসম সংগীতেৰে আৰম্ভ হৈ ৰাষ্ট্ৰীয় সংগীতেৰে অন্ত পৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like