বিশেষ বার্তা, ৫ মার্চঃ লোকসভা নির্বাচনৰ পিছতে চিআইডিৰ চমনৰ ভিত্তিত ৰাহুল গান্ধী আহি হাজিৰ হ’ব লগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বঙাইগাঁৱত বিকাশ যাত্রাত অংশ লৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রাৰ সময়ত আইন উলংঘা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে আইন ভংগ কৰিলে চমন পাবই৷ চিআইডিৰ ফালৰ চমন ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰ প্রথম যদিও ৰাহুল গান্ধীলৈও চমন যাব৷ উক্ত চমনৰ ভিত্তিত লোকসভা নির্বাচনৰ পিছতে ৰাহুল গান্ধী আহি ইয়াত খাৰা হ’ব লাগিব৷ আনহাতে আজমলৰ জৰা-ফুঁকা অব্যাহত থাকিলে গ্রেপ্তাৰ বুলি সকীয়নি প্রদান কৰি তেওঁ কয় যে জৰা-ফুঁকাৰ বিৰুদ্ধে যিহেতু আইন প্রণয়ন কৰা হৈছে, এতিয়া জৰা ফুঁকা কৰিলে জেলত যাব লাগিব৷ ইফালে লালু প্রসাদ যাদৱে নৰেন্দ্র মোদীৰ গাত হিন্দুৰ তেজ নাই বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লালু প্রসাদ যাদৱৰ পূর্ৱতে যিখিনি ‘ন’লেজ’ আছিল, দীর্ঘদিনে হিন্দুত্বৰ বিৰুদ্ধে কাম কৰি হিন্দু সংস্কৃতিৰ পৰিভাষাইপাহৰি যাবলগীয়া হৈছে৷
প্ৰেৰক উপানন্দ শৰ্মা