চিনামৰাত গৃহস্থ-ৰাইজৰ তৎপৰতাত ব্যৰ্থ ডকাইতিৰ প্ৰচেষ্টা
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ চিনামৰা আৰক্ষী চকীৰ পৰা মাত্ৰ কেইফাৰ্লংমান দূৰত্বত কৰঙা ৰাইদাই কমাৰ গাঁৱত যোৱানিশা ডকাইতিৰ এক প্ৰচেষ্টা ব্যৰ্থ হয় গৃহস্থ আৰু স্থানীয় ৰাইজৰ ততপৰতাত। জানিব পৰা মতে নিশা প্ৰায় দুই বজাত গাঁৱৰ গজেন বৰাৰ ঘৰৰ দৰ্জাত টুকুৰিয়াই এগৰাকী মহিলাই দুৱাৰ খুলিবলৈ কয়। টোপনিৰ পৰা সাৰ পায় বৰাই খিৰিকীয়েদি বাহৰলৈ চায় মুখত কাপোৰ বন্ধা চাৰি-পাঁচজন লোকক দেখি লগে লগেই নিজৰ ভায়েক আৰু ওচৰ চুবুৰীয়ালৈ ফোন কৰে আৰু বিদ্যুতৰ মেইন চুইটচ্ বন্ধ কৰি নিজকে এটা কোঠাত আবদ্ধ কৰি ৰাখে। ইতিমধ্যে গাঁৱৰ ৰাইজে কথাতো জানিব পাৰি গজেন বৰাৰ ঘৰলৈ অহাৰ উমান পায় পুৰুষকেইজনে আন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয় যদিও মহিলাগৰাকীক গৃহস্থৰ ঘৰৰ এখন চাৰিচকীয়া বাহনৰ তলত সোমাই লুকাই থকা অৱস্থাত ৰাইজে আবদ্ধ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে স্থানীয় আৰক্ষীক খবৰ দিয়া পলমকৈ হলেও আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক থানালৈ নিয়ে। উল্লেখনীয় যে চিনামৰাকে ধৰি সমগ্ৰ দক্ষিণ যোৰহাট অঞ্চলটোত দিনকদিনে চুৰি ডকাইতিৰ ঘটনা বৃদ্ধি পায় অহাৰ বিপৰীতে আৰক্ষীৰ অৱস্থিতি শূন্য হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ঘটনাস্থলীত উপস্থিত একাংশ ৰাইজে জনোৱা মতে শেহতীয়াকৈ চুৰি সংক্ৰান্তত আৰক্ষীয়ে আটককৰা এটা চোৰ আৰক্ষী চকীৰ পৰাই পলায়ই কৰাৰ পাছত বহুত বিচাৰ-খোঁচাৰ কৰাৰ অন্তত এখন হাবিৰ পৰা আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে যোৱানিশাৰ ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে চিনামৰা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰি তদন্তৰ দাবী জনাইছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ধৰণে তদন্ত আগবঢ়ায় সেয়া সময়তহে কব পৰা যাব।
প্ৰেৰক নৱজ্যোতি তামুলী