মস্কোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উশ্বুত স্বৰ্ণজয়ী মিংবী বৰফুকনক চতিয়াত সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ৰাছিয়াৰ মস্কোত অনুষ্ঠিত নৱম আন্তঃৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা চতিয়াৰ মিংবী বৰফুকনে প্ৰতিযোগিতাখনিত সোণ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ যোৱা ১ মাৰ্চৰ পৰা ৰাছিয়াত অনুষ্ঠিত প্ৰতিযোগিতাখনিত দহবছৰীয়া মিংবীয়ে তিনিটা ইভেন্ট ক্ৰমে জিয়াংশ্বু, ছিয়াংশ্বু আৰু ছাংকুৱানত প্ৰতিদ্বন্দিতা কৰিছিল ৷ইয়াৰে জিয়াংশ্বু ইভেন্টত ৰাছিয়াৰ খেলুৱৈক পৰাজিত কৰি মিংবীয়ে স্বৰ্ণ অৰ্জন কৰাৰ লগতে ছিয়াংশ্বু ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰে ৷ অসম উশ্বু সংন্থাৰ প্ৰথম গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰা খেলুৱৈ ৰূপে বিবেচিত হোৱা মিংবী কালি চতিয়াত উপস্থিত হোৱাত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ বিজেপিৰ নাগশংকৰ মণ্ডল সমিতিৰ উদ্যোগত আৰু চতিয়া পৌৰসভাৰ সহযোগত কালি খেলুৱৈ গৰাকীক আদৰণি জনাবৰ বাবে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়৷ চতিয়া নাট্যভৱন প্ৰাংগনত খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাবৰ বাবে নিজ গৃহৰ পৰা ঢোলে দগৰে আদৰি অনা হয় ৷সম্বৰ্ধনা সভাখনত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই খেলুৱৈ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে নাগ শংকৰ মণ্ডল বিজেপি, চতিয়া পৌৰ সভা, বৃহত্তৰ চতিয়া নাগৰিক সভা, চতিয়া ক্ৰীড়া সংন্থা, চতিয়া আঞ্চলিক ছাত্ৰ সংন্থা, নাগশংকৰ মণ্ডল যুৱ মৰ্চা, ত্ৰিবেনী সংগম গোষ্ঠী, নাগশংকৰ মহিলা মৰ্চা, পৌৰসভাৰ ওৱাৰ্ড কমিছনাৰ, আলোক নাগশংকৰ, চতিয়া প্ৰেছ ক্লাৱ, চতিয়া বণিক সংন্থা, উশ্বু মেশ্বিনাৰী চতিয়া, কৰৈয়নী উশ্বু মেশ্বিনাৰী, সংখ্যালঘু মৰ্চাকে ধৰি বিভিন্ন দলসংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই খেলুৱৈ গৰাকীৰ কৃতিত্বক ভুয়সী প্ৰশংসা কৰাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ লগত আলোচনা কৰি চতিয়াস্থিত উশ্বুমেশ্বিনাৰীৰ প্ৰশিক্ষণ গৃহটো উন্নতমানৰ কৰাৰ আশ্বাস প্ৰদান কৰে ৷
প্ৰেৰক প্ৰণৱ ওজা