🎯কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নৰেন্দ্ৰ মোদীক আদৰিলে অজস্ৰ লোকে
🎯মোদীয়ে গাড়ীৰ দৰ্জা খুলি হাত মেলি ৰাইজক জনালে অভিবাদন
🎯সংগ দিলে ড° হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰীয়ে
নিয়মীয়া বার্তা, ৮ মাৰ্চ : অসমৰ গৌৰৱ আৰু জৈৱ-বৈচিত্ৰ্যৰ প্ৰাণকেন্দ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দুদিনীয়া কাৰ্যসূচীৰ ঐতিহাসিক ভ্ৰমণৰ বাবে অহা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ বাৰে-ৰহণীয়া কৃষ্টি সংস্কৃতিৰ পৰিৱেশনেৰে আদৰণি জনালে হাজাৰ হাজাৰ জনতাই। বোকাখাতৰ পাণবাৰী নিগমৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ সময়ত বিহু, গায়ন বায়ন, নাগৰা নাম, দিহা নাম ঝুমুৰ, মিচিং, বড়ো, ঝুমুৰ আদিকে ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক কৃষ্টি প্ৰদৰ্শন কৰি প্ৰধান মন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনায়। ইপিনে মোদীয়ে গাড়ীৰ দৰ্জা খুলি হাত মেলি ৰাইজক জনায় অভিবাদন। পাণবাৰী হেলিপেডত অৱতৰণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধান মন্ত্ৰীগৰাকীক ফুলৰ থোপাৰে উষ্ম আদৰিণী জনাই কাজিৰঙাৰ কহৰালৈ অহাৰ সময়ত সংগ দিয়ে। ইপিনেনকেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰীদ্বয় অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী আদিয়েও প্ৰধনামন্ত্ৰী গৰাকীক আদৰণি জনায়।আনহাতে ব্যাপক নিৰাপত্তা বেষ্টনীৰে বিশেষ গাড়ীৰে কহৰালৈ যোৱাৰ সময়ত হাজাৰ হাজাৰ জনতাই ৰাস্তাৰ দুয়োফালে সমবেত হৈ উৎসাহেৰে শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰীগৰাকীক। জনগণৰ অভূতপূৰ্ব মৰম আৰু সমৰ্থন দেখি অভিভূত হয় প্ৰধান মন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নৈশ যাপন কাজিৰঙাৰ কহৰা স্থিত আৰক্ষী অতিথিশালাত। কালিলৈ পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে কহৰা বনাঞ্চলত জীপ আৰু হাতী চাফাৰী কৰি উপভোগ কৰিব জৈৱ-বৈচিত্ৰ্যৰ প্ৰাণকেন্দ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য। ইয়াকে লৈ বন বিভাগে বিশেষ তৎপৰতাৰে সকলো ব্যৱস্থা গঢ়ি তুলিছে। বনবিভাগৰ আটাইতকৈ বিশ্বস্ত হাতী “প্ৰদূন্য”ৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সম্ভাৱনা আছে। তদুপৰি জীপ চাফাৰী কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। চাফাৰী কৰাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচললৈ ৰাওনা হব।অৰুণাচলৰ পৰা উভতি আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
প্ৰেৰক ৰঞ্জিত ৰজক