দুমাহতে হেৰুৱালে ৪০ বিলিয়ন মার্কিন ডলাৰ
🔹 দুর্দিন চলিছে টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ
বিশেষ বাৰ্তা, ১০ মার্চ : দুসপ্তাহ পূর্বে বিশ্বৰ ১নং ধনাঢ্য ব্যক্তি হিচাপে অর্থনৈতিক ক্ষেত্রখনত দপদপাই থকা টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ দুর্দিন চলিছে৷ আমাজনৰ প্রতিষ্ঠাতা জেফ বেজোছে মাস্কক অতিক্রম কৰি ধনাঢ্য ব্যক্তিৰ ১নং স্থান দখল কৰি মাস্কক দ্বিতীয় স্থানলৈ অৱনমিত কৰাৰ দুদিন পিছত এলন মাস্ক তৃতীয় স্থানলৈ অৱনমিত হৈছে৷ ব্লুমবার্গ বিলিয়নাৰ সূচক তালিকাত এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৮৯ বিলিয়ন মার্কিন ডলাৰ৷ কালি প্রকাশ কৰা তালিকাত এলন মাস্কে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ শীর্ষ ১০ৰ ভিতৰত তৃতীয় স্থানহে লাভ কৰিছে৷ চলিত বর্ষটোত অর্থাৎ ২০২৪ চনত দুমাহতে টেছলাৰ স্বত্বাধিকাৰীগৰাকীয়ে ৪০ বিলিয়ন মার্কিন ডলাৰ লোকচানৰ সন্মুখীন হৈছে৷ টেছলাৰ শ্বেয়াৰ অৱনমিত হোৱাত মাস্কৰ সম্পত্তিৰ পৰিমাণ দ্রুতগতিত হ্রাস পাইছে৷ চীনত টেছলা বাহনৰ বিক্রী হ্রাস পোৱাৰ লগতে বার্লিনত টেছলা কাৰ নির্মাণ প্রক্রিয়া বন্ধ হৈ থকাত এলন মাস্ক লোকচানৰ সন্মুখীন হৈছে৷ মন কৰিবলগীয়া যে এলন মাস্কৰ টেছলা কাৰ কোম্পানীৰ উপৰি মহাকাশ পর্যটনত ব্যক্তিগত মহাকাশ কোম্পানী আছে৷