নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীর্ষত ভাৰত

বিশেষ বাৰ্তা, ১০ মার্চ : দুবাৰৰ ফাইনেলিষ্ট ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীর্ষ স্থানটো অক্ষুণ্ণ ৰাখিছে৷ ধৰমশালাত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টেষ্টত ইংলেণ্ডক তিনি দিনতে বিধ্বস্ত কৰি ভাৰতীয় দলটোৱে ডব্লিউ টি চিত দ্বিতীয় স্থান অধিকাৰ কৰি থকা নিউজিলেণ্ডৰে পইণ্টৰ ব্যৱধান ৮.৫১ শতাংশলৈ বৃদ্ধি কৰে৷ ধৰমশালা টেষ্টত ভাৰতে ইংৰাজ বাহিনীক এক ইনিংছ আৰু ৬৪ ৰানত পৰাস্ত কৰে৷ ভাৰতীয় দলটোৱে এতিয়ালৈকে ৯খন মেচ খেলি ৬খনত জয়, ২খনত পৰাস্ত আৰু ১খন ড্র খেলি মুঠ ৬৮.৫১ শতাংশ পইণ্টৰে শীর্ষ স্থানটো নিজৰ দখলতে ৰাখি এইবাৰো চেম্পিয়নশ্বিপখনৰ ফাইনেল খেলাৰ আশা জগাই তুলিছে৷ ইফালে, নিউজিলেণ্ডে এতিয়ালৈকে ৫খন টেষ্ট খেলি ৩খনত জয় আৰু ২খনত পৰাস্ত হৈ ৬০ শতাংশ পইণ্টৰে দ্বিতীয় স্থানত আছে৷ ৫৯.০৯ শতাংশ পইণ্টৰে অষ্ট্রেলিয়াই তৃতীয় স্থানত আছে৷ ১১খন টেষ্টৰ ৭খনত জয়, ৩খনত পৰাজয় আৰু ১খন ড্র খেলিছে কেংগাৰু বাহিনীয়ে৷ ৫০ শতাংশ পইণ্টৰে বাংলাদেশে চতুর্থ স্থানত, ৩৬.৬৬ শতাংশ পইণ্টৰে পাকিস্তানে পঞ্চম, ৩৩.৩৩ শতাংশ পইণ্টৰে ৱেষ্ট ইণ্ডিজে ষষ্ঠ, ২৫ শতাংশ পইণ্টৰে দক্ষিণ আফ্রিকাই সপ্তম, ১৭.৫ শতাংশ পইণ্টৰে ইংলেণ্ডে অষ্টম আৰু শ্রীলংকাই এতিয়ালৈকে কোনো পইণ্ট লাভ নকৰি নৱম স্থানত আছে৷ শ্রীলংকাই দুখন টেষ্ট খেলি দুয়োখনতে পৰাজয়ৰ সন্মুখীন হয়৷

You might also like