আমেৰিকাৰ পৰ্নষ্টাৰ ছোফিয়া লিওনিৰ ৰহস্যজনক মৃত্যু
বিশেষ বাৰ্তা, ১০ মার্চ : পৰ্ন ছবি জগতৰ তাৰকা ছোফিয়া লিওনিৰ দেহাৱসান ঘটিছে৷ ১ মার্চত অভিনেত্রীগৰাকীৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ৷ মৃত্যুৰ সময়ত ছোফিয়াৰ বয়স হৈছিল ২৬ বছৰ৷ ছোফিয়াৰ মৃত্যুৰ খবৰ গোপন কৰি ৰাখিছিল পৰিয়ালে৷ অৱশেষত অভিনেত্রীগৰাকীৰ সতীয়া পিতৃয়ে মৃত্যুৰ খবৰ সদৰী কৰে৷ অভিনেত্রীৰ সতীয়া পিতৃ মাইক ৰমেৰাই উল্লেখ কৰে যে ১ মার্চত নিজৰ ফ্লেটৰ পৰা ছোফিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ স্থানীয় আৰক্ষীয়ে এই ঘটনা সন্দর্ভত তদন্ত চলাই থকা বাবে মৃত্যুৰ খবৰ সদৰী কৰা নাছিল পৰিয়ালে৷ মিয়ামিত জন্মগ্রহণ কৰা ছোফিয়াই ১৮ বছৰ বয়সত পর্ণ ছবি জগতত ভৰি দিয়ে৷ প্রায় ১ নিযুত ডলাৰ অভিনেত্রীগৰাকীৰ আছিল যদিও পৰিয়ালৰ তৰফৰ পৰা ছোফিয়াৰ শেষকৃত্যৰ বাবে আর্থিক সাহায্যৰ আবেদন জনোৱা হৈছে৷