বিবাহিতাৰ সৈতে সন্মতিসূচক সম্পর্ক ধর্ষণ নহয়
🔹 উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়
বিশেষ বাৰ্তা, ১১ মার্চ : বিবাহিত মহিলাৰ সৈতে সন্মতিসূচক সম্পর্কৰ ক্ষেত্রত ধর্ষণৰ অভিযোগ নাখাটে বুলি ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে৷ শেহতীয়াকৈ মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰি দিলে বিচাৰপতি চিটি ৰবি কুমাৰ আৰু বিচাৰপতি ৰাজেশ বিন্দলৰ বিচাৰপীঠে৷ শীর্ষ আদালতখনৰ এই ৰায়ৰ লগে লগে মুক্তি লাভ কৰিছে অভিযুক্ত ব্যক্তিয়ে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ত কোৱা হৈছে যে সম্পর্ক থকা অৱস্থাতে তেওঁৰ বিবাহ বিচ্ছেদ হৈ গৈছিল বুলি মহিলাই প্রমাণ কৰিব পৰা নাই৷ সেই ক্ষেত্রত বিয়াৰ ভুৱা প্রতিশ্রুতিৰ প্রশ্ণ নুঠে৷ গোচৰটো ২০২০ চনৰ৷ মধ্যপ্রদেশৰ ছাটনা মহিলা থানাত অভিযুক্তৰ বিৰুদ্ধে ধর্ষণৰ গোচৰ তৰিছিল এগৰাকী মহিলাই৷ অভিযুক্ততকৈ বয়সত ১০ বছৰ ডাঙৰ মহিলাগৰাকীৰ পক্ষত উচ্চ ন্যায়ালয়ে ৰায়দান কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তাক খাৰিজ কৰি দিয়ে৷