চতুৰ্থ পৰ্যায়ৰ দিল্লী মেট্ৰ’ত অনুমোদন কেন্দ্ৰৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে চতুৰ্থ পৰ্যায়ৰ দিল্লী মেট্ৰ’ৰ ঘোষণা কৰে। দিল্লী মেট্ৰ’ৰ এই সম্প্ৰসাৰণ কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন জনোৱা হয়। এই তথ্য দি অনুৰাগ ঠাকুৰে কয়, “আজি দুটা নতুন মেট্ৰ’ কৰিডৰৰ অনুমোদন লাভ কৰা হৈছে, য’ত ৮৪০০ কোটি টকা ব্যয় কৰা হ’ব।” লাজপট নগৰৰ পৰা সাকেট জি ব্লকলৈ প্ৰায় ৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰ’ লাইন থাকিব। ইয়াত আঠটা ষ্টেচন থাকিব। দ্বিতীয়তে ই হ’ব ইন্দ্ৰলোকৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ প্ৰায় ১২.৪ কিলোমিটাৰ দূৰত্বৰ মেট্ৰ’ লাইন। ২০২৯ চনৰ মাৰ্চ মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ’ব।” দিল্লী মেট্ৰ’ চতুৰ্থ পৰ্যায়ৰ প্ৰকল্পৰ দুটা কৰিড’ৰ – লাজপত নগৰৰ পৰা সাকেট জি-ব্লক আৰু ইন্দ্ৰলোকৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ মুঠ প্ৰকল্প ব্যয় ৮,৩৯৯ কোটি টকা মন্ত্ৰীসভাই অনুমোদন জনায়।