🔹 ৩৫ বছৰীয়া কৰ্ম জীৱনৰ স্মৃতি সুঁৱৰি আৱেগিক বলেন্দ্ৰ কুমাৰ ডেকা
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অধীনৰ ঝাৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক বলেন্দ্ৰ কুমাৰ ডেকাক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক গোট আৰু ছাত্ৰ-ছাত্ৰীসকলে ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ , জাপি, শৰাই, ছাতি, চেণ্ডেল, গ্ৰন্থৰ টোপোলা ইত্যাদিৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে সদ্য অৱসৰী শিক্ষকগৰাকীক। তদুপৰি ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘ, ঝাৰগাঁও প্ৰাথমিক ৰাভা ছাত্ৰ সন্থা, ঝাৰগাঁও আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শতাধিক নেতৃস্থানীয় লোক-শুভাকাংক্ষীয়ে ফুলাম গামোচা, অংগবস্ত্ৰ ইত্যাদিৰে সন্মানিত কৰে কৃতী শিক্ষকগৰাকীক । সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ ইতিহাস বিৱৰি, ৩৫ বছৰীয়া কৰ্ম জীৱনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সদ্য অৱসৰী শিক্ষকগৰাকী । ১৯৮৯ চনত নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত কৰ্ম জীৱন আৰম্ভ কৰি ২০২৪ৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা ডেকাই আৱেগিক হৈ কয় যে দীৰ্ঘদিনীয়া শ্ৰম-কষ্টৰ অন্তত ২০১৩ চনত প্ৰাদেশিকীকৰণ হোৱাৰ পিছতহে তেওঁলোকে কেইটামান সুখৰ দিন দেখিবলৈ পায় । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অমৃত ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক, অৱসৰী শিক্ষক ৰত্নেশ্বৰ ডেকা, খগেন চহৰীয়া, প্ৰদীপ চৌধুৰী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক দুৰ্গা প্ৰসাদ ৰাভা, বিশিষ্ট নাগৰিক কৃষ্ণ শৰ্মাই ডেকাৰ কৰ্ম জীৱনৰ ইতিবাচক দিশ উল্লেখ কৰি তেওঁৰ কৰ্মৰাজিৰ উচ্চ প্ৰশংসা কৰে । অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক শান্ত ৰাম ৰাভা, অৱসৰী শিক্ষক শিৱ প্ৰসাদ চৌধুৰী, শিক্ষক অপূৰ্ব কুমাৰ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইপিনে, ঝাৰগাঁৱৰ বিশিষ্ট নাগৰিক তথা অৱসৰী কৃতী শিক্ষক ভূমিধৰ চহৰীয়াৰ সঞ্চালনাত ডেকাৰ নিজ গৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এশগৰাকী নেতৃস্থানীয় লোকক ফুলাম গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰে অৱসৰী শিক্ষক বলেন্দ্ৰ কুমাৰ ডেকাই । অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত, অঞ্চলটোৰ সামাজিক ক্ষেত্ৰখনৰ বাটকটীয়া, এগৰাকী কৰ্মযোগী হিচাপে পৰিচিত অৱসৰী শিক্ষক বলেন্দ্ৰ কুমাৰ ডেকাই জীৱনৰ ৬০ বছৰত ৬০ জোপা গছপুলি ৰোপণ কৰাৰো সংকল্প গ্ৰহণ কৰে । আজি পুৱাৰ ভাগত ৰাইজৰ সহযোগত বিদ্যালয়খনৰ চৌহদত এই গছপুলি ৰোপণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে অৱসৰী শিক্ষকগৰাকীয়ে ।
প্ৰেৰক ধীৰেন মহলীয়া