নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমধ্য সাগৰত নাও বুৰি ৬০ প্রব্রজনকাৰীৰ মৃত্যু

🔹 ৰবৰৰ নাৱেৰে ইউৰোপলৈ যাত্রাৰ সময়ত শোকাৱহ দুর্ঘটনা

বিশেষ বাৰ্তা, ১৫ মার্চ : ভূমধ্য সাগৰত পুনৰ শোকাৱহ নাও দুর্ঘটনাত মৃত্যু হৈছে কমপক্ষেও ৬০গৰাকী প্রব্রজিত লোকৰ৷ ৰবৰৰ নাও এখন ভূমধ্য সাগৰত দুর্ঘটনাত পতিত হোৱাৰ ফলত এই লোকসকলৰ মৃত্যু হয় বুলি দুর্ঘটনাৰ পৰা পৰিত্রাণ পোৱা প্রব্রজনকাৰীয়ে সংবাদ মাধ্যমক জনাইছে৷ উল্লেখনীয় যে এছঅ’এছ মেডিটেৰানি নামৰ সাহায্য সংস্থাটোৰ এখন জাহাজেৰে ২৫গৰাকী প্রব্রজনকাৰী লোকক উদ্ধাৰ কৰা হয়৷ ওচেন ভাইকিং নামৰ জাহাজখনেৰে এই ২৫গৰাকী লোকক উদ্ধাৰ কৰা হয় যদিও ইতিমধ্যে প্রায় ৬০গৰাকী লোকে প্রাণ হেৰুৱায়৷ উল্লেখনীয় যে এসপ্তাহ পূর্বে লিবিয়াৰ উপকূলৰ পৰা ভূমধ্য সাগৰীয় পথেৰে বিপদসংকুল যাত্রা আৰম্ভ কৰিছিল প্রব্রজনকাৰীসকলে৷ ইউৰোপীয় দেশলৈ যাত্রা কৰাৰ সময়তে এই দুর্ঘটনা সংঘটিত হয়৷ উল্লেখনীয় যে ৩ দিন ধৰি ৰবৰৰ নাওখন চলাৰ পিছতে ইয়াৰ ইঞ্জিন ভাঙি পৰে৷ ফলত দুর্যোগৰ কবলত পৰে যাত্রীসকল৷ ৪ দিন ধৰি দুর্ঘটনাগ্রস্ত ৰবৰৰ নাওখনতে যুঁজি থাকে প্রব্রজনকাৰীসকলে৷ কিন্তু ৪ দিন পিছত নাওখন বুৰ যায়৷ সেই মুহূর্ততে আহি ওচেন ভাইকিং নামৰ জাহাজখনেৰে ২৫গৰাকী প্রব্রজনকাৰীক উদ্ধাৰ কৰা হয়৷ এই উদ্ধাৰ কার্যত সহায় কৰে ইটালিয়ান উপকূলৰক্ষীয়ে৷ উদ্ধাৰ হোৱা লোকসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি সদৰী কৰিছে ইটালিয়ান উপকূলৰক্ষীয়ে৷ স্মর্তব্য যে ২০২৩ চনত ভূমধ্য সাগৰত প্রাণ হেৰুৱাইছিল মুঠ ৮,৫৬৫গৰাকী প্রব্রজনকাৰীয়ে৷

You might also like