নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজে প’র্টেলযোগে পথ নির্মাণৰ বাবে কৰিব পাৰিব আবেদন

🔹 মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

🔹 এহেজাৰ লোক থকা গাঁৱত পথ নির্মাণ হ’বই

বিশেষ বাৰ্তা, ১৫ মার্চ : এতিয়াৰে পৰা জনসাধাৰণে বাট–পথ বিচাৰি মন্ত্রী–বিধায়কৰ পদূলিয়ে পদূলিয়ে ঘূৰাৰ প্রয়োজন নাই৷ জনসাধাৰণে নিজেই নিজ অঞ্চলৰ বাট–পথ নির্মাণৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰিব পাৰিব৷ কালি দিছপুৰত আয়োজিত এখন সংবাদ মেলত এই নতুন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবে চৰকাৰে এটা প’র্টেল বনাব৷ ৰাইজে নিজেই সেই প’র্টেলত আবেদন কৰিব পাৰিব৷ যি গাঁৱত এহেজাৰ মানুহ আছে, তাত বাট–পথ হ’বই৷ পৰৱর্তী প্রজন্মৰ সংস্কাৰৰ বাবেই চৰকাৰে এই ব্যৱস্থা কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প’র্টেলত আবেদন অহাৰ পিছত চৰকাৰে সেয়া প’র্টেলতেই অঞ্চলটোৰ বাসিন্দাৰ তথ্য পৰীক্ষা কৰি বাট–পথ নির্মাণৰ ব্যৱস্থা কৰিব৷ ইপিনে আজিৰ পৰা কামৰূপ (মহানগৰ) জিলাত উপ–জিলাৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে৷ উক্ত উপ–জিলাকেইখনৰ সদৰ হ’ব দিছপুৰ৷ উপ–জিলাকেইখন হৈছে– দিছপুৰ, জালুকবাৰী, নিউ গুৱাহাটী, চেন্ট্ৰেল গুৱাহাটী, ডিমৰীয়া–সোণাপুৰ৷ এই উপ–জিলা আৰম্ভ হোৱাৰ লগে লগে প্রট’কল, পঞ্জীয়নকে ধৰি সকলো কাম উপ–জিলা পর্যায়তেই সম্পূর্ণ হ’ব৷ অহা জুলাই মাহত সমগ্র অসমতে এই মডেল আৰম্ভ হ’ব৷

You might also like