🔹 ৰাউজ এভিনিউ আদালতত সোঁশৰীৰে হাজিৰ কেজৰিৱাল
বিশেষ বাৰ্তা, ১৬ মাৰ্চ : ইডিৰ চমন গোচৰত শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ আদালতত হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পিছত দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁক চমন অৱমাননা কৰা বাবে সংস্থাটোৱে দাখিল কৰা গোচৰত অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে। এই গোচৰৰ সৈতে জড়িত কেজৰিৱালে প্ৰথমবাৰৰ বাবে সোঁশৰীৰে আদালতত হাজিৰ হৈছিল। যোৱাটো শুনানিত তেওঁ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ হৈছিল। দিল্লী আবকাৰী নীতিৰ গোচৰৰ তদন্তত সহযোগিতা নকৰাত ইডিয়ে জাৰি কৰা চমন অমান্য কৰা বাবে কেজৰিৱালৰ বিৰুদ্ধে ইডিয়ে অভিযোগ দাখিল কৰিছে। অৱশ্যে কেজৰিৱালে চমন অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কৈ আহিছিল। উল্লেখ্য যে ১৭ ফেব্ৰুৱাৰীত ভাৰ্চুৱেলী আদালতত হাজিৰ হৈছিল কেজৰিৱাল। যোৱা সপ্তাহত অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশে ইডিৰ দ্বিতীয়খন অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি ১৬ মাৰ্চত আদালতত সোঁশৰীৰে হাজিৰ হোৱাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ নতুনকৈ চমন জাৰি কৰিছিল।