নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া-ইউক্ৰেইন সংঘাত সমাধানত আলোচনা-কূটনীতিয়েই একমাত্ৰ বিকল্প : মোদী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ মাৰ্চঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে কথা পাতি সকলো শান্তি প্ৰচেষ্টা আৰু ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ আগতীয়া অন্ত পেলোৱাৰ প্ৰতি ভাৰতৰ অবিৰত সমৰ্থনৰ কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও ফোন বাৰ্তালাপত ৰাষ্ট্ৰপতি জেলেনস্কিক কয় যে ভাৰতে ইউক্ৰেইনক মানৱীয় সাহায্য আগবঢ়াই যাব। মোদীয়ে ‘এক্স’ৰ (পূৰ্বৰ টুইটাৰ) পোষ্টত কয়, ‘ভাৰত-ইউক্ৰেইনৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে ভাল আলোচনা হৈছিল। সকলো শান্তি প্ৰচেষ্টা আৰু চলি থকা সংঘাতৰ আগতীয়া অন্ত পেলোৱাৰ প্ৰতি ভাৰতৰ অবিৰত সমৰ্থন প্ৰকাশ কৰে। ভাৰতে জনকেন্দ্ৰিক পন্থাৰ দ্বাৰা পৰিচালিত মানৱীয় সাহায্য আগবঢ়াই যাব..। ইফালে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত নৰেন্দ্ৰ মোদীয়ে শান্তি ঘূৰাই অনাৰ বাবে অহৰহ চেষ্টা চলাই আছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে কথা পতাৰ ঠিক পূৰ্বে মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও কথা পাতি ৰাষ্ট্ৰপতি হিচাপে পঞ্চম কাৰ্যকালৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ একমাত্ৰ পথ।

You might also like