কর্কট ৰোগত আক্রান্ত ব্রিটিছ ৰাজকুমাৰী কেট মিডলটন
🔹 ৰহস্যৰ অৱসান : অনুৰাগীলৈ নিজেই পোষ্ট কৰিলে ভিডিঅ’ বার্তা
বিশেষ বাৰ্তা, ২৪ মার্চ : দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হৈছে ব্রিটিছ ৰাজবোৱাৰী কেট মিডলটন৷ প্রাথমিক পর্যায়ৰ চিকিৎসা আৰম্ভ হৈছে মিডলটনৰ৷ পৰহি এক ভিডিঅ’ প্রকাশ কৰি সকলোকে এই কথা জনাই দিছে কেট মিডলটনে৷ লক্ষণীয়ভাৱে ৰাজপ্রাসাদৰ সূত্রই কেইদিনমান পূর্বে ৰাজকুমাৰী কেট মিডলটনৰ পেটৰ অস্ত্রোপচাৰ হোৱা বুলি ঘোষণা কৰিছিল৷ বিগত প্রায় দুমাহ ধৰি কেট মিডলটনক ৰাজহুৱা স্থানত দেখা নাই অনুৰাগীসকলে৷ গতিকে কেটৰ স্বাস্থ্যক লৈ সৃষ্টি হৈছিল ৰহস্য৷ আনকি ছ’চিয়েল মিডিয়াত ৰাজকুমাৰী কেটৰ পুৰণি আলোকচিত্র আৰু ভিডিঅ’ মুকলি কৰাৰ পিছত বিভিন্ন মহলৰ ট্র’লৰ সন্মুখীন হ’বলগীয়া হৈছিল কেট মিডলটন৷ শেহতীয়াকৈ ভিডিঅ’টোত মিডলটনে প্রকাশ কৰে যে কর্কট ৰোগত আক্রান্ত হোৱা বুলি নিজে খবৰটো পোৱাৰ লগে লগে তেওঁ হতচকিত হৈছে৷ বিগত কেইমাহমান খুবেই কঠিন সময় আছিল বুলিও কেটে ভিডিঅ’টোত উল্লেখ কৰে৷ অৱশ্যে ৰাজকুমাৰী কেটৰ শৰীৰৰ কোন অংগ কর্কটত আক্রান্ত হৈছে বা এই ৰোগ কোনটো পর্যায়ত আছে, সেই কথা ৰাজপৰিয়ালৰ তৰফৰ পৰা বিস্তাৰিতভাৱে প্রকাশ কৰা হোৱা নাই৷ ভিডিঅ’ বার্তাত কেটে উল্লেখ কৰা অনুসৰি, জানুৱাৰীত পেটৰ অস্ত্রোপচাৰৰ পিছতো কর্কট ৰোগৰ কথাটো জানিব পৰা হোৱা নাছিল৷ অস্ত্রোপচাৰৰ পিছত বিভিন্ন পৰীক্ষা–নিৰীক্ষা কৰিহে চিকিৎসকসকলে কেমোথেৰাপীৰ পৰামর্শ দিয়ে বুলি কেটে উল্লেখ কৰে৷