🔹 পানী তোলা পৰ্বত অভিনেত্ৰী পিংকী শৰ্মাৰ অংশগ্ৰহণ
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : ৰাজ্যৰ সৰ্বত্ৰে এতিয়া হোলীৰ ব্যাপক উৎসাহ-উদ্দীপনা । বিশেষকৈ হোলী নামনি অসমত ব্যাপক আয়োজনৰে উদযাপন কৰা হয় । ৰঙিয়াৰ পূব সীতাৰাত অনুষ্ঠিত কৰা হৈছে দৌল মহোৎসৱৰ। ১০৩ বছৰ গৰকা এই অনুষ্ঠানটো ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আজি দ্বিতীয় দিনা কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় । পুৱাৰ ভাগত চিত্ৰাংকন প্ৰতিযোগতা অনুষ্ঠিত কৰা হয় । তাৰ পাছতেই পানী তোলা পৰ্ব আৰম্ভ হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী পিংকী শৰ্মা । পানী তোলা পৰ্বত অঞ্চলটোৰ ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। গায়ন-বায়নেৰে মহিলাসকলে পানী তোলা পৰ্বত অংশগ্ৰহণ কৰে। এই ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱক লৈ স্থানীয় ৰাইজৰ মাজত উছাহৰ ধল বোৱা পৰিলক্ষিত হয় । আধ্যাত্মিকতাৰ লগতে আমোদ-প্ৰমোদৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে । এই অনুষ্ঠানৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে বিগ্ৰহ যাত্ৰা। বিগ্ৰহ যাত্ৰাত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে ।
প্ৰেৰক ফাৰুক হুছেইন