নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত ৩ দিনীয়া দৌলযাত্ৰা মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : ৰাজ্যৰ ঐতিহাসিক দৌল-দেৱালয়সমূহৰ অন্যতম ঢকুৱাখনা উপ-জিলাৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠান ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত আজিৰে পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ ৷ সত্ৰ প্ৰতিষ্ঠা কালৰে পৰাই অনুষ্ঠিত কৰি অহা দৌলযাত্ৰা মহোৎসৱ এই বছৰো আজিৰে পৰা উদযাপন কৰা হয়। দৌলযাত্ৰা মহোৎসৱ পুৱা প্ৰাতঃপ্ৰসংগৰে আৰম্ভ কৰি বৃক্ষৰোপণ কৰে উৎসৱ উপ-সমিতিৰ সভাপতি যজ্ঞেশ্বৰ চুতীয়া, উন্নয়ন সমিতিৰ সম্পাদক বীৰেন্দ্ৰ দেৱগোস্বামী আৰু লখিমপুৰ জিলাৰ জিলা ও চেছন ন্যায়াধীশ শ্ৰমীলা ভূঞাই ৷ ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই বাণিজ্য মেলা উদ্বোধন কৰাৰ পিছতে আইসকলৰ নামৰ অন্তত “বিপ্ৰ পুত্ৰ আনয়ন“ নামৰ নাটকৰ ভাওনা প্ৰদৰ্শন কৰি দুপৰীয়া নাম-প্ৰসংগ আৰু ভাগৱত পাঠ আৰু ৰাতিলৈ “ৰাম পৰাজয় সীতা পতালে গমন“ নাটকেৰে ভাওনা প্ৰদৰ্শন কৰি দিনটোৰ কাৰ্য়সূচী সামৰণি মাৰিব বুলিও জানিবলৈ দি নগাঁৱৰ বটদ্ৰৱা থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ মহাপ্ৰয়াণ ঘটাত দৌলযাত্ৰা মহোৎসৱৰ ঘুনুচা যাত্ৰাৰ দৰে কেতবোৰ আভ্যন্তৰীণ কাৰ্যসূচী বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে সত্ৰ উন্নয়ন সমিতিৰ লগতে দৌল উৎসৱ উপ-সমিতিয়ে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like