নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহবহির্ভূত সম্পর্কত লিপ্ত মহিলাক হত্যাৰ ফতোৱা

🔹 আফগানিস্তানত পাশৱিক নীতি পুনৰ কার্যকৰী কৰিব তালিবানে

বিশেষ বাৰ্তা, ৩১ মার্চ : ২০২১ চনৰ আগষ্টত আফগানিস্তানত পুনৰ ক্ষমতালৈ আহি তালিবানে যি সংযমৰ কথা কৈছিল, সেয়া এতিয়া অতীত হ’ল৷ আঢ়ৈ বছৰৰ ভিতৰতে সকলো প্রতিশ্রুতি পাহৰি চৰিয়ত আইন প্রৱর্তনৰ অচিলাৰে মহিলাৰ ওপৰত প্রকাশ্যে নিপীড়ন চলোৱাৰ নীতি কার্যকৰী কৰিবলৈ সক্রিয় হৈছে তালিবান৷ কালি তালিবানৰ মুৰব্বী হিবাতুল্লা আখুন্দজাডাই উল্লেখ কৰিছে যে বিবাহবহির্ভূত সম্পর্কৰ বাবে মহিলাসকলক কঠোৰ শাস্তিৰ ব্যৱস্থা পুনৰ বলৱৎ কৰা হ’ব৷ চৰকাৰী টেলিভিছন আৰু ৰেডিঅ’ত এক বার্তাত আখুন্দজাডাই ঘোষণা কৰিছে যে ব্যভিচাৰৰ অপৰাধত মহিলাসকলক বেত্রাঘাত কৰা হ’ব৷ প্রকাশ্যে শিলগুটি দলিয়াই হত্যা কৰা হ’ব ব্যভিচাৰিণী মহিলাসকলক৷ আফগানিস্তানত দ্বিতীয়বাৰ ক্ষমতা দখলৰ পিছত প্রাথমিকভাৱে তালিবানে জনাইছিল যে মহিলাসকলৰ অধিকাৰ হৰণৰ অভিপ্রায় তেওঁলোকৰ নাই৷ কিন্তু পৰৱর্তী পর্যায়ত সেয়া স্পষ্ট হৈ পৰে যে ৯০ৰ দশকৰ প্রথম পর্যায়ৰ তালিবান শাসনতকৈও অধিক পাশৱিক শাসন আফগানিস্তানত আৰম্ভ কৰাৰ চেষ্টা চলোৱা হৈছে৷ উচ্চ শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত মহিলাৰ অংশগ্রহণ সংকুচিত কৰাৰ লগতে পর্দাপ্রথা বাধ্যতামূলক কৰিছে তালিবানে৷ আনকি ঘৰৰ বাহিৰ হোৱাৰ ক্ষেত্রত মহিলাসকল বিভিন্ন বিধি নিষেধৰ সন্মুখীন হ’বলগীয়া হৈছে৷ যোৱা বছৰ ৰাষ্ট্রসংঘৰ এক প্রতিবেদনত উল্লেখ পাইছে যে তালিবানশাসিত আফগানিস্তানতেই মহিলাসকলৰ ওপৰত আটাইতকৈ বেছি নির্যাতন চলোৱা হয়৷ ৰাজনৈতিক পর্যবেক্ষকসকলৰ একাংশৰ মতে, ক্রমশঃ অধিকাৰ ক্ষেত্রত সংকুচিত হোৱাৰ ফলত ক্ষোভৰ উদ্গীৰণ ঘটিছে দেশখনৰ মহিলাসকলৰ মাজত৷ ইয়াৰ মাজতে চৰিয়ত আইন বলৱৎ কৰাৰ নামত বিবাহবহির্ভূত সম্পর্কত লিপ্ত মহিলাক বেত্রাঘাত আৰু শিলগুটিৰ আঘাতেৰে হত্যা কৰাৰ হুংকাৰ দিলে তালিবানৰ শীর্ষনেতাই৷

You might also like