🔹 খোৱাং সমষ্টিৰ বিভিন্ন ঠাইত সোণোৱালক উষ্ম আদৰণি সৰ্বস্তৰৰ ৰাইজৰ
বিশেষ বাৰ্তা, ৬ এপ্রিল : অসমীয়াবিৰোধী কংগ্ৰেছৰ লগত হাত মিলাই তথাকথিত জাতীয়তাবাদী নেতাই ৰাইজৰ ন্যূনতম সমর্থনখিনিও হেৰুৱাব। হতাশাগ্রস্ত কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰদলৰ ষড়যন্ত্র আমি দৃঢ় মনোবলেৰে ওফৰাই যাম।- কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্রার্থী সর্বানন্দ সোণোৱালে আজি খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এনেদৰে ভাষণত ব্যক্ত কৰি কংগ্ৰেছ তথা মিত্ৰদলৰ অসমীয়াবিৰোধী ষড়যন্ত্র উদঙাই দিয়ে। খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৱানবাৰী ৰাজহুৱা খেলপথাৰ, আজাৰগুৰি ৰাজহুৱা প্রেক্ষাগৃহ, জকাই হাঁহচৰা খেলপথাৰ, জামিৰা চাহ বাগিচা প্রেক্ষাগৃহ আদিকে ধৰি বিভিন্ন ঠাইত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কাৰ্যকৰ্তাসকলে আৰু স্থানীয় ৰাইজে।নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ পূৰ্বে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়স্থিত স্থানীয় বুথত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে মিলি দলীয় পতাকা উত্তোলন কৰে। প্ৰতিকূল বতৰকো নেওচি ভাৰত মাতৃৰ জয়ধ্বনিৰে দলীয় কাৰ্যকৰ্তাসকলৰ লগত তেওঁ উলহ-মালহেৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। জিলাখনৰ খোৱাঙৰ বিভিন্ন অঞ্চলত দিয়া ভাষণ প্রসংগত সর্বানন্দ সোণোৱালে কয়- “একালত খোৱাং (মৰাণ) সমষ্টিৰ বিধায়ক হৈ থকাকালত এই অঞ্চলৰ ৰাইজৰ পৰা পোৱা বুকুৰ উম মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এসময়ত বানপানী, গৰাখহনীয়া আদি বিভিন্ন সমস্যাত এই অঞ্চলটো আক্রান্ত আছিল। কিন্তু আজি এই খোৱাং বিধানসভা সমষ্টি অঞ্চলৰ ছবি ভালেখিনি সলনি হ’ল। উন্নয়নৰ লহৰে আজি মৰাণৰ প্রতিখন গাঁও চুই গৈছে বুলিও উল্লেখ কৰি তাৰ বাবে সতীৰ্থ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক চক্ৰধৰ গগৈক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকৰ ঐকান্তিক প্রচেষ্টাৰ বলতেই আজিৰ মৰাণ আগৰ দৰে হৈ থকা নাই বুলি কৈ তেওঁ কয়- থলুৱা লোকৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ সদায়ে সম্ভাব আৰু আত্মীয়তা আছে। আমাৰ খিলঞ্জীয়া ৰাইজ ৪২গৰাকী আহোম স্বৰ্গদেউৰ আশিসধন্য হৈছে, মহাপুৰুষ দুজনাৰ আধ্যাত্মিক তথা সাংস্কৃতিক চিন্তা আৰু বিশাল আদর্শেৰে উদ্বুদ্ধ হৈ মন-মগজু সাৰুৱা হৈছে সৰ্বস্তৰৰ ৰাইজৰ। আপোনালোকৰ বিকাশ কোনেও ৰুধিব নোৱাৰে। সৰ্বাংগীণ শান্তি, প্রগতি আৰু সমৃদ্ধিৰ এই অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দিয়াৰ বাবে বদ্ধপৰিকৰ বুলি ভাষণৰ জৰিয়তে তেওঁ সদৰী কৰে। আজি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত ৰাইজৰ লগত বিভিন্ন বার্তালাপত মিলিত হয়। চাহ জনগোষ্ঠীয় ভাষাত কথা পাতি তেওঁ বাগানৰ ৰাইজক ভাষিকভাৱেও শ্রদ্ধা জনায়। একেধৰণে তেওঁ নেপালী ভাষাতো কথা পাতিবলৈ চেষ্টা কৰে। এক উজ্জীৱিত পৰিৱেশত তেওঁ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে আমাৰ এই নানাৰঙী সমাজখন সৃষ্টিকৰ্তাৰ মহান সৃষ্টি, য’ত সকলো জাতি-জনগোষ্ঠীয়ে মিলা-প্রীতিৰে বসবাস কৰে। এই দৃশ্যই মনত জুৰ পেলায় বুলি জানিবলৈ দি এনেদৰেই আমি শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু কর্মোদ্যমেৰে সমাজ, জাতি, দেশক আগুৱাই নিব লাগিব বুলিও দৃঢ়তাৰে কয়। বিৰোধীৰ প্ৰতি আক্রমণাত্মক হৈ সর্বানন্দ সোণোৱালে কয় যে কংগ্রেছ দলটো মিথ্যাচাৰীৰ দল। স্বৰাজোত্তৰ কালৰে পৰা তেওঁলোকে কেৱল আমাক ঠগিলে। ভয়, ভাবুকি, হত্যাৰে আমাৰ দিনবোৰ নষ্ট কৰিলে। তেনে কংগ্ৰেছক পুনৰ শাসনলৈ অনাটো কোনোপধ্যেই জ্ঞানী লোকৰ কাম হ’ব নোৱাৰে। এসময়ত অসমৰ জাতীয় সংগঠনবোৰে কংগ্ৰেছৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ বৈষম্যমূলক নীতিৰ বাবে প্রতিবাদ কৰিছিল। কিন্তু কোনোবাই যদি নিজকে জাতীয়তাবাদী বুলি কৈ ৮৫৫জন অসমীয়াৰ হত্যাকাৰী সেই কংগ্ৰেছৰ সহায় ভিক্ষা কৰি নিৰ্বাচনত নামিব লগা হয়, তেন্তে তাতকৈ ডাঙৰ দুৰ্ভাগ্যৰ কথা আৰু একো নাই। অকলে প্রতিদ্বন্দ্বিতা কৰিলেও হয়তো তেনে নেতাক ৰাইজে কিছু সঁহাৰি জনালেহেঁতেন। কিন্তু অসমীয়াবিৰোধী কংগ্ৰেছৰ লগত হাত মিলাই তেনে তথাকথিত জাতীয়তাবাদী নেতাই ৰাইজৰ শেষত ন্যূনতম সমর্থনখিনিও হেৰুৱাব। হতাশাগ্রস্ত কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্রদলৰ ষড়যন্ত্র ওফৰাই যাম আৰু জাতিৰ সুৰক্ষাৰ বাবে দৃঢ়তাৰে কাম কৰি যাম বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। সভাত উপস্থিত থকা চাহ জনগোষ্ঠীয় ৰাইজক উদ্দেশ্যি সোণোৱালে কয়- “এটা জনগোষ্ঠীৰ আদৰ্শ ব্যক্তিসকলক যথোচিত সম্মান প্রদর্শন নকৰিলে জনগোষ্ঠীটোৰ মনোবল হ্রাস পায়। এই সাধাৰণ কথাটো কংগ্রেছে কিয় বুজি নাপালে? চাহ জনজাতীয় ৰাইজৰ বিশিষ্ট ব্যক্তি যেনে সন্তোষ কুমাৰ তপ্ন, চাইমন সিং হ’ৰ’, মাংৰী ওৰাঙৰ নাম বিজেপি চৰকাৰৰ দিনতহে বহুচর্চিত হ’ল। চাইমন সিং হ’ৰ’ বিশেষ বৃত্তিৰ অধীনত দশম আৰু দ্বাদশ শ্রেণীত উত্তীর্ণ হোৱা চাহ সম্প্রদায়ৰ শিক্ষার্থীসকলক ১০,০০০ টকাকৈ প্ৰদান কৰা হৈছিল। দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত যুৱক-যুৱতীসকলক ২৫,০০০ টকাৰ বিত্তীয় অনুদান দিয়া হৈছিল। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৯৭ টকাৰ পৰা বঢ়াই ২৫০ টকা কৰি দিয়া হ’ল। চাহ বাগিচা অঞ্চলৰ প্ৰায় সকলো পথৰ পকীকৰণ, কেইবা কোটি টকা ব্যয়সাপেক্ষে আদর্শ হাইস্কুল, আদর্শ অংগনৱাড়ী কেন্দ্র স্থাপন কৰা হ’ল। এয়া চাহ বাগিচাৰ লোকৰ প্রতি বিজেপিৰ মৰমৰ চিন বুলিও বিনয়ীভাৱে সদৰী কৰে সোণোৱালে। আজিৰ সভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ সুনীল ৰাজকোঁৱৰ, জিলা সভাপতি উজ্জ্বল কাশ্যপ প্রমুখ্যে দলীয় সতীর্থ আৰু বিষয়ববীয়াসকল উপস্থিত থাকে।
প্ৰেৰক বিভাস দুৱৰা