নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ জিলা নিৰ্বাচনী বিষয়াৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন

নিয়মীয়া বাৰ্তা,  ৬ এপ্ৰিল : অষ্টাদশ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ এনেকুৱা সময়তে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলাৰ লগতে সষ্টম হৈ পৰিছে প্ৰশাসন৷ অসমত তিনিটা পৰ্যায়ত হ’বলগীয়া সমাগত লোকসভা নিৰ্বাচনৰ অহা ৭ মে’ত অনুষ্ঠিতব্য তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰতিদিনে প্ৰস্তুতি চলাইছে বজালী জিলা প্ৰশাসনে৷ এই প্ৰস্তুতিৰে অংশ হিচাপে আজি বজালী নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়া মৃদুল কুমাৰ দাস, বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱ আৰু বজালী জিলাৰ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীৰ নেতৃত্বত এটা যুটীয়া দলে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত স্থাপিত ষ্ট্ৰং ৰুম আৰু ইয়াৰ লগত সম্পৰ্কিত নিৰ্দিষ্ট স্থানসমূহ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে সুচলভাৱে সমাপন হয়, সেই সন্দৰ্ভত পৰ্যালোচনা কৰে৷ আজিৰ এই পৰিদৰ্শনৰ সময়ছোৱাত বিষয়টিৰ স’তে জড়িত বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা৷

You might also like