নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কম্বোডিয়াত ৫,০০০ ভাৰতীয় নাগৰিকৰ ‘ক্রীতদাস’ৰ জীৱন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ বলপূর্বকভাৱে বহু ভাৰতীয় তৰুণক ইউক্রেইনৰ যুদ্ধলৈ পঠিওৱাৰ অভিযোগক লৈ দেশজুৰি প্রতিক্রিয়া চলি থকাৰ সময়তে কম্বোডিয়াত ৫ সহস্রাধিক ভাৰতীয় নাগৰিক আবদ্ধ হৈ থকা বিষয়টোক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ সমালোচনাৰ সন্মুখীন হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ৷ অভিযোগ অনুসৰি বলপূর্বকভাৱে ভাৰতীয় এই তৰুণসকলক মাৰাত্মক চাইবাৰ অপৰাধত নিয়োজিত কৰা হৈছে৷ কম্বোডিয়াত এই ভাৰতীয় তৰুণসকলক ‘ক্রীতদাস’ৰ দৰে ব্যৱহাৰ কৰা হৈছে৷ সংবাদ মাধ্যমত প্রকাশ পোৱা প্রতিবেদন অনুসৰি, ডাটা এণ্ট্ৰীৰ কাম দিয়াৰ নামত বহু ভাৰতীয় নাগৰিকক বিগত কেইমাহমান ধৰি কম্বোডিয়ালৈ পঠিওৱা হৈছিল৷ লোভনীয় চাকৰিৰ আশাত বন্দী হৈছিল এই তৰুণসকল৷ কম্বোডিয়ালৈ গৈ কার্যতঃ এই ভাৰতীয়সকল ‘ক্রীতদাস’ হৈ পৰা বুলি বিভিন্ন সংবাদ সংস্থাই দাবী কৰিছে৷ অভিযোগ অনুসৰি ৬ মাহত এই ভাৰতীয়সকলৰ পৰা প্রায় ৫০০ কোটি টকা প্রতাৰণা কৰা হৈছে৷ কাঢ়ি লোৱা হৈছে তেওঁলোকৰ পাছপ’ট৷ দক্ষিণ-পূব এছিয়াৰ এই দেশখনত ইচ্ছাৰ বিৰুদ্ধে ভাৰতীয়সকলক বলপূর্বকভাৱে চাইবাৰ অপৰাধৰ সৈতে জড়িত কৰোৱা হৈছে৷ শেহতীয়াকৈ এই ভাৰতীয়সকলক কম্বোডিয়াৰ পৰা মুক্ত কৰাৰ সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রালয় একাধিক দপ্তৰৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হৈছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে কম্বোডিয়াত আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে বিদেশ মন্ত্রালয়, ইলেক্ট্রনিক তথা তথ্য-প্রযুক্তি মন্ত্রালয়, ভাৰতীয় চাইবাৰ ক্রাইম কো-অর্ডিনেচন চেণ্টাৰ আৰু অন্য নিৰাপত্তা বিশেষজ্ঞসকলৰ সৈতে কেইবালানিও বৈঠকৰ আয়োজন কৰিছে৷ এতিয়ালৈকে কম্বোডিয়াৰ পৰা তিনিজন ভাৰতীয়ক ওভতাই অনা হৈছে৷ উল্লেখনীয় যে সমগ্র বিষয়টো পোহৰলৈ আহে যোৱা ৩০ ডিচেম্বৰত৷ ৰুৰকেল্লা আৰক্ষীয়ে এই চাইবাৰ অপৰাধী চক্রৰ বিৰুদ্ধে অভিযান চলাই আঠজন অপৰাধীক গ্রেপ্তাৰ কৰাৰ পিছতে কম্বোডিয়ালৈ কেনেদৰে চাকৰিৰ প্রলোভন দি ভাৰতীয় তৰুণক প্রেৰণ কৰা হৈছে, সেই তথ্য লাভ কৰিবলৈ সক্ষম হয়৷

You might also like