নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফকিৰাগ্ৰামত ডেৰ শতাধিক লোকৰ বিপিএফত যোগদান

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে সমগ্ৰ দেশৰ লগতে অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ ফকিৰাগ্ৰামত অঞ্চলতো। ইতিমধ্যে ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে পূৰ্বৰ দল ত্যাগ কৰি নিজৰ নিজৰ পছন্দৰ দলত নতুনকৈ যোগদানো কৰি আছে একাংশই। তেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে ফকিৰাগ্ৰামতো । ফকিৰাগ্ৰাম ব্লক বিপিএফৰ কাৰ্য্যালয় চৌহদত এখন সভা অনুষ্ঠিত কৰে বিপিএফ দলে। উক্ত সভাতেই বিভিন্ন দল ত্যাগ কৰি ডেৰ শতাধিক লোকে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত যোগদান কৰে । নতুনকৈ যোগদান কৰা সকলোকে ফুলাম গামোচা আৰু দলীয় প্ৰতিকেৰে আদৰণী জনায় বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ লগতে বিপিএফৰ যুৱ শাখাৰ কেন্দ্ৰীয় উপ-সভাপতি প্ৰহ্লাদ বসুমতাৰী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ড০ ৰেজাউল কৰিম, বিপিএফৰ বেংগলী কোষৰ প্ৰবীৰ সান্যাল আদিয়ে । উক্ত যোগদান সভাখন পৰিচালনা কৰে ফকিৰাগ্ৰাম টাউন কমিটীৰ চেয়াৰমেন সুৰেন্দ্ৰ শৰ্মাই । উক্ত যোগদান সভাত নতুনকৈ যোগদান কৰা সকলোকে আদৰণি জনাই বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান বিটিচিৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস নোহোৱা হৈছে । যাৰ বাবে ৰাইজে বিজেপি-ইউপিপিএল দলৰ পৰিষদীয় চৰকাৰ থকাৰ পিছতো এইবোৰ দল ত্যাগ কৰি বিপিএফৰ নীতি-আদৰ্শক ভাল পাই বিপিএফ দলত যোগদান কৰি আছে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like