নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা পৃথিৱীসদৃশ গ্রহসহ ১৭টা নতুন গ্রহ আৱিষ্কাৰ বিজ্ঞানীৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ পৃথিৱীৰ দৰে জীৱৰ সন্ধান থাকিব পৰা এটা গ্রহসহ ১৭টা নতুন গ্রহ আৱিষ্কাৰ কৰিছে নাছাই৷ বিগত চাৰি বছৰ ধৰি মহাকাশত অভিযান চলাই থকা নাছাৰ কেপলাৰ অভিযানে মহাকাশত ১৭টা নতুন গ্রহ আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে৷ দ্য এষ্ট্র’নমিকেল জার্নেলত প্রকাশ কৰা প্রতিবেদন অনুসৰি এই ১৭টা গ্রহৰ ভিতৰত এটা গ্রহৰ পৃষ্ঠ শিলাময়৷ গতিকে ইয়াত পানী থকাৰ সম্ভাৱনা আছে আৰু ই পৃথিৱীৰ লেখিয়াই বাসোপযোগী গ্রহ৷ পৃথিৱীৰ ডেৰ গুণ এই গ্রহটিৰ নাম ৰখা হৈছে কেআইচি–৭৩৪০২৮৮বি৷ গ্রহটি আৱিষ্কাৰ কৰিছে বিজ্ঞানী কুনিম’টো৷ উল্লেখ্য যে এই গ্রহটিৰ দৰে বাকী গ্রহবোৰ পৃথিৱীৰ পৰা কেইবাহাজাৰ আলোকবর্ষৰ নিলগত অৱস্থিত৷ কেপলাৰৰ ডাটা অনুসৰি ১৭টা গ্রহৰ ভিতৰত মাত্র দুটাহে সৰু৷ কানাডাৰ ব্রিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ মাইকেল কুনিম’টোৱে চলোৱা গৱেষণাত মহাকাশত সৌৰজগতৰ বাহিৰত ১৭টা নতুন গ্রহৰ আৱিষ্কাৰে পৃথিৱীৰ বিজ্ঞানীসকলক নতুন তথ্যৰ সন্ধান দিব৷ ইয়াৰে এটা গ্রহৰ আকাৰ মাত্র পৃথিৱীতকৈ সৰু৷ বাকী আটাইবোৰ গ্রহৰ আকাৰ পৃথিৱীতকৈ ৮ গুণ ডাঙৰ৷ উল্লেখ্য যে কেপলাৰ মিছনে এই গ্রহকেইটা আৱিষ্কাৰ কৰাৰ সময়ত দুই লাখ নক্ষত্রৰ স্থিতিও জানিব পাৰিছে ৷

You might also like