নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিৱেশী দেশ পাকিস্তানৰ সংসদত ‘ভাৰত বন্দনা’

🎯শ্বেহৱাজ চৰকাৰক সমালোচনা ফজলুৰ ৰহমানৰ

🎯ভাৰতে ‘ছুপাৰ পাৱাৰ’ৰ স্বপ্ন দেখে, পাকৰ ভিক্ষাবৃত্তিৰ চেষ্টা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : পাকিস্তানৰ সংসদত এইবাৰ ‘ভাৰত বন্দনা’ ভাৰতত চলি থকা লোকসভা নির্বাচনক লৈ শাসক–বিৰোধী পৰস্পৰে পৰস্পৰক বিভিন্ন বিষয় লৈ আক্রমণ কৰিছে৷ আনকি উভয়পক্ষৰ প্রচাৰত কেতিয়াবা পাকিস্তানৰ প্রসংগও আহি পৰিছে৷ প্রতিৱেশী দেশখনত কেইমাহমান পূর্বে নির্বাচন অনুষ্ঠিত হৈছিল যদিও দেশখনত এতিয়াও প্রাসংগিক ভাৰত৷ সম্প্রতি নিজৰ দেশৰ দুৰৱস্থাৰ কথা ক’বলৈ গৈ ভাৰতৰ উদাহৰণ টানি আনিলে পাকিস্তানৰ এগৰাকী শীর্ষস্থানীয় ৰাজনীতিকে৷ দেশখনৰ নেচনেল এছেম্বলিত থিয় হৈ দীঘলীয়া ভাষণ দিয়ে জমিয়ত উলেমা–ই–ফজল (জেইউআই–এফ)ৰ মুৰব্বী মৌলানা ফজলুৰ ৰহমানে৷ কট্টৰপন্থী হিচাপে পৰিচিত এই নেতাগৰাকীয়ে পাকিস্তানৰ শ্বেহৱাজ শ্বৰীফৰ চৰকাৰক আক্রমণ কৰি কয় যে ভাৰতৰ সৈতে পাকিস্তানক তুলনা কৰি চোৱা ভাল৷ আজি ভাৰতে ‘ছুপাৰ পাৱাৰ’ হোৱাৰ সপোন দেখিছে আৰু পাকিস্তানে দেউলীয়া হোৱাৰ পৰা ৰক্ষা পাবলৈ ভিক্ষা কৰিছে৷ দীর্ঘদিন ধৰি অর্থনৈতিক সংকটত ভুগিছে পাকিস্তানে৷ ফজলুৰে সেই দিশটোলৈ ইংগিত কৰিয়েই পাক চৰকাৰক কঠোৰ সমালোচনা কৰিছে৷ উল্লেখনীয় যে পাকিস্তানৰ হৈ যোৱা নির্বাচনত ব্যাপক অনিয়মৰ অভিযোগ স্বীকাৰ কৰিছে নেতাগৰাকীয়ে৷ বর্তমান বিৰোধী দলৰ আসনত আছে ফজলুৰ ৰহমানৰ দল৷ পূর্বে শ্বেহৱাজ শ্বৰীফ চৰকাৰৰ অংশীদাৰ আছিল যদিও পাকিস্তানৰ বর্তমান পৰিস্থিতিৰ বাবে শ্বেহৱাজ শ্বৰীফকেই দোষাৰোপ কৰি আহিছে নেতাগৰাকীয়ে৷ উল্লেখনীয় যে অকল মৌলানা ফজলুৰ ৰহমানেই নহয়, কেইদিনমান পূর্বে পঞ্জাব প্রদেশৰ মুখ্যমন্ত্রী তথা নৱাজ শ্বৰীফৰ দুহিতা মৰিয়ম শ্বৰীফেও প্রতিৱেশীৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰি চলাৰ বার্তা দিছিল ভাৰতক৷

You might also like