আজি ১৪ মে’, ব’হাগ মাহৰ ৩১ তাৰিখ
মঙলবাৰ : তিথি– শুক্লা ষষ্ঠী, নক্ষত্র : পুষ্যা, যাত্রা : নাই
মেষ : যিকোনো কামকে ভাবি-চিন্তি কৰক৷ বাঞ্ছিত ফল লাভত বাধা পাব৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
বৃষ : অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ৷ অধিক কর্মৰ বোজা পাৰিলে কিছু নিয়ন্ত্রণ কৰক৷ ব্যৱসায়ত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
মিথুন : আর্থিকত বেয়া দেখা নাযায়৷ সাধাৰণ খৰচ–পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা বিদ্যাত সাধাৰণ উন্নতি৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
কর্কট : কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক৷ খৰচ বৃদ্ধি পাব৷ সাধাৰণ শৰীৰৰ দুঃশ্চিন্তা৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ১৷
সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব৷ দিনটোত ব্যৱসায়ীসকলে লেনদেন কৰোতে সাৱধান হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব৷ হঠাৎ কাৰোবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ ভ্রমণাদিত আর্থিক হানিৰ যোগ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
বৃশ্চিক : ওলোটা ভাবে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব৷ আনৰ কথাত বেছি প্রাধান্য নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত বিৰোধ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১৷
ধনু : অকাৰণ বা কাৰণতেই হওক কাৰো লগত মতবিৰোধ হোৱাৰ আশংকা৷ লেনদেনত সাৱধানে থাকক৷ শৰীৰ ভালেই বুলিব পাৰি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
মকৰ : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক৷ নতুন কোনো যোগাযোগত উৎসাহিত৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
কুম্ভ : মজলীয়া হ’লেও উন্নত৷ দূৰ যোগাযোগত বাধাপ্রাপ্ত। পেটৰ অসুখৰ কাৰক৷ বিদ্যাত নিৰাশ নহ’ব৷ ব্যৱসায়ত ঋণৰ কাৰকতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
মীন : কর্মক্ষেত্রত সৰু–সুৰা বাধাৰ মাজেদি অগ্রসৰ হ’ব লাগিব৷ বিদ্যাত মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷