নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাত ৰাজহ বৃদ্ধিৰ প্রৱণতা

অসমৰ ৰাজকোষলৈ ৰাজহ সংগ্রহৰ ক্ষেত্রত আবকাৰী বিভাগে বিশেষ অৰিহণা আগবঢ়াই আহিছে৷ বিলাতী আৰু দেশীয় সুৰাৰ বিপণী আৰু বাৰৰ জৰিয়তে ৰাজ্যখনৰ সুৰাপায়ীসকলৰ পৰা ৰাজহ সংগ্রহ ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে৷ ২০১৬–১৭ চনত আবকাৰী বিভাগে সংগ্রহ কৰা ৰাজহৰ পৰিমাণ আছিল মুঠ ১,৪৩৩.০১ কোটি টকা৷ ইয়াৰে আবকাৰী ৰাজহ ৯৬৬.৩৩ কোটি টকা আৰু মূল্য সংযোজিত কৰ আছিল ৪৬৬.৬৮ কোটি টকা৷ ২০১৭–১৮ চনত আবকাৰী বিভাগে মুঠ ১,৬৯৯.৩৬ কোটি টকা, ২০১৮–১৯ চনত ২,২০৪.১৫ কোটি টকা, ২০১৯–২০ চনত ২,৬০৬.৬৮ কোটি টকা, ২০২০–২১ত ২,৯৭৭.৬১ কোটি টকা, ২০২১–২২ চনত ৩,০৪৭.৯৮ কোটি টকা আৰু ২০২২–২৩ চনত ৩,৫৪৮.৩১ কোটি টকা সুৰা বিক্রীৰ জৰিয়তে ৰাজহ সংগ্রহ হৈছে৷ বর্তমান ৰাজ্যখনত ২,৫৭১খন বিলাতী সুৰাৰ বিপণী আৰু ৭৮১খন দেশীয় সুৰাৰ বিপণী আছে৷ তদুপৰি ৮৬৩খন বাৰ আছে৷ ৰাজ্যখনত জনসংখ্যা বৃদ্ধিৰ লগে লগে সুৰাপায়ী লোকৰ সংখ্যাও বৃদ্ধি হৈছে৷ ২০২৩–২৪ বিত্তীয় বর্ষত ১.২৭ কোটি কার্টন সুৰা বিক্রী হৈছে অসমত৷ আবকাৰী বিভাগে ২০২৪–২৫ বিত্তীয় বর্ষত ১.৬১ কার্টন বিলাতী সুৰা বিক্রীৰ লক্ষ্য নির্ধাৰণ কৰিছে আৰু এইক্ষেত্রত বিভাগীয় আয়ুক্তগৰাকীয়ে জিলা অধীক্ষকসকলক নির্দেশনা জাৰি কৰাৰ বাতৰি সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ ৰাজহ বৃদ্ধিৰ একমাত্র লক্ষ্যৰে যদি আবকাৰী বিভাগে ৰাজ্যখনত সুৰাৰ অবাধ প্রচলন হোৱাটো বিচাৰিছে সেয়া হ’ব আমাৰ সমাজখনৰ বাবে এক ভয়ংকৰ ঘটনা৷ সুৰাকে ধৰি নিচাযুক্ত সামগ্রীৰ অবাধ প্রচলনে কিমান লোকক কর্মবিমুখ কৰিছে, কিমান পৰিয়ালক সর্বস্বান্ত কৰিছে, কিমান লোকৰ অকালতে মৃত্যু হৈছে তাৰ সীমা-সংখ্যা নাই৷ সুৰাকে ধৰি নিচাযুক্ত সামগ্রীৰ প্রচলন সীমিত কৰিব পাৰিলে সমাজৰ বাবে মংগল৷ কিন্তু বিভাগীয়ভাৱে সুৰা বিক্রী বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিলে নিশ্চিতভাৱে ৰাজ্যখনত সুৰাপায়ী লোকৰ সংখ্যা বৃদ্ধি হ’ব৷ ফলত ৰাজ্যখনত নিচাসক্ত লোকৰ বৃদ্ধিয়ে আমাৰ সমাজখনত এক নেতিবাচক প্রভাৱ বিস্তাৰ কৰাৰ আশংকা আছে৷ এই কথাও ঠিক যে আবকাৰী বিভাগৰ অধীনস্থ সুৰাৰ পণ্যাগাৰৰ জৰিয়তে সুৰাৰ বিপণী আৰু বাৰসমূহে ক্রয় কৰা সুৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে ৰাজহ লাভ কৰে৷ সুৰাৰ বিপৰীতে আবকাৰী ৰাজহ আৰু মূল্য সংযোজিত কৰৰ জৰিয়তে লাভ কৰা ৰাজহেই আবকাৰী বিভাগৰ ৰাজহৰ পৰিমাণ নিৰূপণ কৰে৷ আবকাৰী বিভাগৰ প্রয়োজনীয় তদাৰক ব্যৱস্থাৰ অভাৱতে ৰাজ্যখনত সুৰাৰ অবৈধ বজাৰখনৰ প্রসাৰ হৈছে৷ ফলত সুৰা বিক্রীৰ জৰিয়তে প্রকৃতার্থত যিমান পৰিমাণৰ ৰাজহ সংগ্রহ হ’ব লাগিছিল তাতোকৈ বহু কম পৰিমাণেহে ৰাজহ সংগ্রহ হৈছে৷ এইক্ষেত্রত আবকাৰী বিভাগৰ একাংশ বিষয়া–কর্মচাৰীৰ উপৰি আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে৷
ৰাজ্যখনত অবৈধভাৱে চলি থকা অবৈধ সুৰাৰ সাম্রাজ্যৰ স’তে প্রভাৱশালী চক্র জড়িত থকাৰ অভিযোগ সঘনে উত্থাপন হয়৷ একাংশ ধাবা, দোকান তথা লোকে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত অবৈধ সুৰা বিক্রীৰ এখন সমান্তৰাল বজাৰ চলাই আছে৷ এই অবৈধ বজাৰখন চলি থকা সন্দর্ভত আবকাৰী বিভাগ অজ্ঞাত বুলি ক’ব নোৱাৰি৷ এনে অবৈধ বজাৰখন উৎখাত কৰিবলৈ আবকাৰী বিভাগে ছেগা–চোৰোকাকৈ অভিযান চলাই আছে৷ অৱশ্যে অবৈধ সুৰাৰ সাম্রাজ্য প্রতিৰোধ কৰিবলৈ আবকাৰী বিভাগত প্রয়োজনীয়সংখ্যক বিষয়া–কর্মচাৰী এতিয়াও নিয়োগ কৰা নাই৷ তাৰ মাজতে আবকাৰী বিভাগে বিভাগীয় আইন উলংঘা কৰাৰ বাবে ২০১৮–১৯ বর্ষত ১৫,০৪,৪৭০ টকা, ২০১৯–২০ত ২০,০৯,১৩৪ টকা, ২০২০–২১ত ১৭,৫০,০০০ টকা আৰু ২০২২–২৩ত ৩৮,৯১,৭০০ টকা জৰিমনা আদায় কৰা হৈছে৷ আশ্চর্যজনক এয়ে যে সুৰাৰ অবৈধ সাম্রাজ্যখন চলি থকাৰ ফলত আবকাৰী বিভাগে ৰাজহ সংগ্রহত ক্ষতিৰ সন্মুখীন হোৱাই নহয়, বিষাক্ত সুৰাৰ পয়োভৰো হৈছে৷ এনে বিষাক্ত সুৰা সেৱন কৰি ৰাজ্যখনত বহুসংখ্যক সুৰাপায়ীৰ মৃত্যু হৈছে৷ ২০১৮ চনত ৰাজ্যৰ আবকাৰী আইনৰ সংশোধন ঘটাই অবৈধ সুৰা বিক্রীৰ বিৰুদ্ধে জামিনবিহীন ধাৰা প্রয়োগ কৰা হৈছে৷ বিগত ৭ বছৰত ৰাজ্যখনৰ অবৈধ সুৰাৰ সাম্রাজ্যৰ বিৰুদ্ধে অভিযান চলাই প্রায় ৭০ হাজাৰটা গোচৰ পঞ্জীভুক্ত কৰাৰ লগতে প্রায় ১৯ হাজাৰ লোকক গ্রেপ্তাৰ কৰা হৈছে৷ এই সময়ছোৱাত ১.১৮ কোটি টকা জৰিমনা আদায় কৰা হৈছে৷ ২০২২–২৩ বর্ষত অবৈধ সুৰাৰ বজাৰখনত লিপ্ত থকা লোকৰ বিৰুদ্ধে প্রায় ১৪ হাজাৰটা গোচৰ পঞ্জীভুক্ত কৰাৰ উপৰি ২,৬৯৭জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ৰাজ্যখনত চলি থকা চুলাইৰ সমান্তৰাল বজাৰখনেও আবকাৰী বিভাগক ৰাজহ সংগ্রহৰ ক্ষেত্রত ক্ষতি কৰিছে৷ ৰাজ্যখনৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে সুৰা প্রস্তুত কৰাৰ এক ব্যৱস্থা আছে৷ ইয়াৰ সুযোগ লৈ অবৈধ সুৰাৰ বজাৰখনত জড়িত একাংশ লোকে চুলাই অথবা দেশীয় সুৰাৰ বেহা চলাই আছে৷ ২০২২–২৩ বর্ষত আবকাৰী বিভাগে চলোৱা যুটীয়া অভিযানত ১,৪৮,৪২০ লিটাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে৷ অবৈধ সুৰাৰ বজাৰখন প্রতিৰোধ কৰিব নোৱাৰিলে ৰাজ্যখনত ভেজাল সুৰাৰ জৰিয়তে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা আছে৷ সুৰাৰ অবৈধ বজাৰখন বন্ধ নকৰাকৈ আবকাৰী বিভাগে সুৰাৰ বৈধ বিপণীসমূহত সুৰা বিক্রী বৃদ্ধি কৰিবলৈ যিমানেই পদক্ষেপ গ্রহণ নকৰক কিয়, সেয়া কার্যতঃ ফলদায়ক হৈ উঠাৰ আশা নাই৷ মাথোঁ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে সুৰা বিক্রীত অধিক গুৰুত্ব প্রদান কৰি আবকাৰী বিভাগে শেহতীয়াকৈ চলোৱা অভিযানক ৰাজ্যখনৰ বিবেকৱান লোকে কেতিয়াও সমর্থন নকৰে৷

You might also like