🔹 ছাগলী চোৰৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ মোবাইল কাঢ়িলে ভাৰপ্ৰাপ্ত বিষয়াই
নিয়মীয়া বাৰ্তা, ১৪ মে’ : ৰূপহীহাটত পুনৰ সংঘটিত হৈছে সাংবাদিকক আক্ৰমণৰ ঘটনা। ৰূপহীহাটৰ আমবাগান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই সাংবাদিকৰ ম’বাইল কাঢ়ি নিয়াৰ অভিযোগে সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানে আৰক্ষী বিভাগৰ যিমানেই সংস্কাৰ সাধন কৰিবলৈ চেষ্টা কৰিছে, সিমানেই সময়ে সময়ে বিভাগটোৰ নাক কাটিছে একাংশ আৰক্ষীয়ে। আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই যোৱানিশা সাংবাদিকৰ ম’বাইল কাঢ়ি নিয়াৰ লগতে ৰাজহুৱা স্থানতে ছাগলী চোৰৰ ভিডিঅ’ ক্লিপ ডিলিট কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি, আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত ভাটীয়াখালী-লটানি বজাৰত স্থানীয় কেইজনমান যুৱকৰ তৎপৰতাত আটক কৰিছিল ছাগলীসহ এটা চোৰক। ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হৈছিল স্থানীয় সাংবাদিক মফিদুল ইছলাম। ছাগলীসহ চোৰটোৰ ভিডিঅ’ কৰিবলৈ লওঁতে অশ্লীল শব্দ প্ৰয়োগ কৰি হাতৰ পৰা মোবাইল কাঢ়ি নিয়াৰ লগতে আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ছাগলী চুৰিৰ গোচৰ জাপি দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিকগৰাকীয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত ভিডিঅ’ ডিলিট কৰি ঘূৰাই দিয়ে মোবাইল ফোনটো। পূৰ্বেও এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে। উক্ত ঘটনাক তীব্ৰ গৰিহণা দিছে ৰূপহী সংবাদ ক্লাব, ৰূপহীহাট প্ৰেছ ক্লাবৰ সভাপতি খৰ্গেশ্বৰ বৰুৱা, জুৰীয়া সংবাদ ক্লাবৰ লগতে বিভিন্ন দল-সংগঠনে ৷ সাংবাদিকক টাৰ্গেট কৰি লোৱা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে শীঘ্ৰই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
প্ৰেৰক জহিৰুল ইছলাম