নিয়মীয়া বাৰ্তা, ১৪ মে’ : জোনাইত আজি পুৱাই সংঘটিত হ’ল এক অঘটন। চিয়াং নৈত মাছ মাৰিবলৈ গৈ পুৱাই চিয়াং নৈৰ বুকুত সন্ধানহীন হয় জোনাইৰ বেৰা বেংগলী গাঁৱৰ এজন যুৱক। সন্ধানহীন যুৱকজন জোনাইৰ বেৰা বেংগলী গাঁৱৰ ২৮ বছৰীয়া ভুবন দাস বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সোমবাৰে আবেলি প্ৰায় ২ বজাত দুই বন্ধুৰ সৈতে সন্ধানহীন যুৱকজনে এখন সৰু যন্ত্ৰচালিত নাৱেৰে চিয়াং নৈত মাছ মাৰিবলৈ যায়। পিছত মঙলবাৰে পুৱা প্ৰায় চাৰি বজাত নাওখনৰ পৰা যুৱকজন পিছলি নৈৰ বুকুত পৰি যায়। ঘটনাৰ পিছতে যুৱকজনৰ সৈতে যোৱা দুই বন্ধুৱে যুৱকজনক বচাবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও সক্ষম নহ’ল। লগে লগে ঘটনা সন্দৰ্ভত পৰিয়াল তথা ৰাইজক অৱগত কৰাত পৰিয়ালে জোনাই আৰক্ষী আৰু SDRF বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ নদীৰ বুকুত সন্ধান চলাইছে যদিও যুৱকজনৰ সন্ধান বাতৰি সংগ্ৰহ কৰা সময়লৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
প্ৰেৰক কৰবী দলে