নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছইৰ ফলাফলত উজলিল আদৰ্শ বিদ্যালয়, দোকুচি

নিয়মীয়া বাৰ্তা, ১৪ মে’ : কালি ঘোষণা কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড’ (চি বি এছ ই)ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত কামৰূপৰ আদৰ্শ বিদ্যালয়, দোকুচিয়ে চমকপ্ৰদ ফলাফলেৰে উজলি উঠে | স্মৰ্তব্য যে নগৰবেৰাৰ পলাহৰটাৰীৰ দৰে অতি ভিতৰুৱা, অনগ্ৰসৰ ঠাইখনৰ পৰা ১০০% উত্তীৰ্ণ হোৱাৰ পৰম্পৰা বিদ্যালয়খনে সুদীৰ্ঘ আঠ বছৰে অব্যাহত ৰাখিছে | বিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেন বায়ন আৰু বাকী শিক্ষকসকলে উত্তীৰ্ণ প্ৰতিগৰাকীৰ লগতে কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱা জিমনি কলিতা (৯৪.৬%)ক সম্বৰ্ধনা আৰু অভিনন্দন যাচে | এই সফলতাৰ বাবে বিদ্যালয়ত উছৱমুখৰ পৰিৱেশ বিৰাজ কৰে আৰু সুখ্যাতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক লৈ এক শোভাযাত্ৰাও উলিওৱা হয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like