নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জল নির্লৱণীকৰণ

আধুনিক মানৱৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ প্রাকৃতিক সম্পদক সংসাধন কৰিবলৈ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ কৌশল খটুওৱা হয়৷ স্বাভাৱিকভাৱে মানৱ জাতিৰ বাবে ই ইতিবাচক বুলি চলি আহিছে৷ মানৱ জাতি বর্তি থাকিবলৈ ই অতিকে প্রয়োজন৷ মানৱৰ উপযোগী উপাদানৰ কাৰণে অনেক প্রকল্প স্থাপন কৰা হয়৷ এনে প্রকল্পৰ ইতিবাচক দিশৰ লগতে নেতিবাচক দিশো জড়িত হৈ থাকে৷ কিন্তু মানৱ জাতিৰ স্বার্থৰ প্রতি মাত্রাধিক লক্ষ্য ৰাখি নেতিবাচক দিশটোক এৰাই চলে৷ পৰিণতিত ইয়ে পাছলৈ ভয়াৱহ ৰূপ ধাৰণ কৰে৷ শেহতীয়াভাৱে জল নির্লৱণীকৰণ প্রকল্প (ৱাটাৰ ডিচেলাইনেশ্বন প্লাণ্ট)ৰ ভয়াৱহ দিশ এটি পোহৰলৈ আহিছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা পৰিচালিত সংস্থা এটাই চলোৱা অধ্যয়নত জল নির্লৱণীকৰণ প্রকল্পই কিদৰে পৰিৱেশৰ ওপৰত প্রচণ্ড আঘাত কৰি আছে, সেয়া প্রমাণ হৈছে৷ মানৱ জাতিৰ কাৰণে সু–পৰিৱেশ বর্তি থকাটো নিতান্তই আৱশ্যক৷ এই পৰিৱেশ বিনষ্ট কৰাত জল নির্লৱণীকৰণ প্রকল্পই বৰঙণি যোগাই আহিছে৷ ৰাষ্ট্রসংঘৰ পৰিচালনাত কানাডাস্থিত বিশ্ববিদ্যালয়ৰ জল, পৰিৱেশ আৰু স্বাস্থ্য সম্পর্কীয় প্রতিষ্ঠান এটাই চলোৱা অধ্যয়নত বিশ্বজুৰি চলি থকা জল নির্লৱণীকৰণ প্রকল্পই ধাৰণা কৰাতকৈ অধিক লৱণীয় বর্জিত পানী আৰু বিষাক্ত ৰাসায়নিক বর্জিত কৰি আহিছে, যিয়ে পৰিৱেশ বিনষ্ট কৰি আছে৷ ৰাষ্ট্রসংঘৰ প্রতিষ্ঠানটোৱে চলোৱা অধ্যয়ন অনুসৰি বিশ্বজুৰি প্রায় ১৬,০০০ জল নির্লৱণীকৰণ প্রকল্পই পূর্বৰ ধাৰণা অর্থাৎ চলিত ধাৰণাতকৈ ৫০ শতাংশ অধিক লৱণযুক্ত বর্জিত পানী আৰু বিষাক্ত ৰাসায়নিক উৎপাদন কৰি আহিছে৷ অধ্যয়নৰ তথ্য মতে, ৯৫ মিলিয়ন কিউবিট মিটাৰ বিশুদ্ধ পানী উৎপাদন কৰিবলৈ যাওঁতে নির্লৱণীকৰণ প্রকল্পবোৰে ১৪২ মিলিয়ন কিউবিট মিটাৰ (১৪২ নিযুত ঘনমিটাৰ) লৱণযুক্ত ব্রাইন বর্জিত কৰি আহিছে৷ এই পৰিমাণ ধাৰণাতকৈ ৫০ শতাংশ অধিক৷ তথ্য মতে, ছৌদি আৰব, ইউনাইটেড আৰব এমিৰেটছ আৰু কাটাৰে সাগৰৰ পানীৰ পৰা বিশুদ্ধ পানী উৎপাদন কৰিবলৈ নির্লৱণীকৰণ প্রকল্পই ৫৫ শতাংশ ব্রাইন উৎপাদন কৰি আছে৷ ব্রাইন হৈছে ৫ শতাংশ লৱণযুক্ত পানী, য’ত বিষাক্ত ৰাসায়নিক ক্ল’ৰিন আৰু কপাৰ থাকে৷ সবাতোকৈ গুৰুত্বপূর্ণ যে সাগৰৰ পানীত প্রায় ৩.৫ শতাংশহে লৱণ থাকে৷ এনে পৰিপ্রেক্ষিতত সাগৰৰ পানী সংসাধন কৰি বিশুদ্ধ পানীলৈ পৰিৱর্তন কৰা জল নির্লৱণীকৰণ প্রকল্পৰ পৰা উৎপাদিত প্রায় ৫ শতাংশ লৱণসহ বিষাক্ত ৰাসায়নিক সমৃদ্ধ ব্রাইন ক্ষতিকাৰক হৈ পৰিছে৷

ব্রাইনত থকা বিষাক্ত ৰাসায়নিকে পৰিৱেশ বিনষ্ট কৰাৰ লগতে সাগৰীয় মাছকে ধৰি সমগ্র জীৱজগতৰ অনিষ্ট সাধন কৰি আছে৷ তদুপৰি নির্লৱণীকৰণ প্রকল্পৰ আশে–পাশে ব্রাইনে সাগৰৰ পানীৰ অক্সিজেনৰ মাত্রা হ্রাস কৰা আৰু ইয়ে মাছকে ধৰি অন্যান্য জীৱ–জলজ উদ্ভিদৰ ওপৰত প্রচণ্ড প্রভাৱ পেলাইছে৷ সমগ্র খাদ্য–শৃংখলাৰ ওপৰত পৰিৱেশতান্ত্রিক নেতিবাচক প্রভাৱ পৰিছে৷ দ্রুতগতিত জনসংখ্যা বৃদ্ধি আৰু বিশুদ্ধ পানী হ্রাস পাই থকাৰ কাৰণেই বিশ্বজুৰি জল নির্লৱণীকৰণ প্রকল্পৰ চাহিদা বৃদ্ধি পাইছে৷ কিন্তু এনে প্রকল্পসমূহৰ বর্জিত ব্রাইনে সমস্যাৰ কাৰক হৈ পৰাত পৰিৱেশ বিজ্ঞানী উদ্বিগ্ন হৈছে৷ বিশুদ্ধ পানীৰ আৱশ্যকতা আৰু ইয়াৰ পৰিমাণ দিনে দিনে বৃদ্ধি পোৱাত জল নির্লৱণীকৰণ প্রকল্পৰ নেতিবাচক দিশটোক প্রায় দেশসমূহে আওকাণ কৰি আহিছে৷ ৰাষ্ট্রসংঘৰ বিশ্ববিদ্যালয় ইনষ্টিটিউট ফৰ ৱাটাৰ এনভায়ৰনমেণ্ট এণ্ড হেল্থৰ সঞ্চালক ভ্লাডিমিৰ স্মেখটিনে উদ্বিগ্ণতাৰে প্রকাশ কৰা মতে পৰিৱেশৰ ওপৰত আঘাত নকৰাকৈ কিদৰে পৃথিৱীৰ জনসংখ্যাৰ বাবে প্রয়োজনীয় বিশুদ্ধ পানীৰ চাহিদা পূৰণ কৰিব পৰা যায়, তাক লৈ নতুন উদ্ভাৱন অত্যন্ত জৰুৰী হৈছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে আমি বাস কৰা গ্রহটোৰ চাৰিভাগৰ তিনিভাগ প্রায় পানীৰে আৱৰি আছে যদিও মানৱৰ বাবে প্রয়োজন বিশুদ্ধ পানী আজিৰ তাৰিখত পর্যাপ্ত নাই৷ মানৱসৃষ্ট বিভিন্ন কাৰণত ভূগর্ভস্থ জলো দ্রুতগতিত হ্রাস পাই আহিছে৷ বিশ্বজুৰি পানীৰ সঠিক ব্যৱহাৰৰ ওপৰত প্রাধান্য দি থকা হৈছে৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ কৌশলেৰে জল নির্লৱণীকৰণ প্রকল্পৰ জৰিয়তে বিশুদ্ধ পানী উৎপাদন কৰি আছে, কিন্তু ইয়াৰ নেতিবাচক দিশ পোহৰলৈ অহাত পুনৰ বিশুদ্ধ পানীৰ অভাৱৰ বিষয়টো গভীৰতম হৈ উঠিছে৷ যিটো মানৱ জাতিৰ বাবে আন এক অশনি সংকেত৷

You might also like