নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যলৈ ৫.২৪ কোটি টকাৰ ৰঙালাউ বোকাখাতৰ কৃষকৰ

🎯বোকাখাতৰ ৰঙালাউ খেতিয়কক শুভেচ্ছা মন্ত্ৰী অতুল বৰাৰ

🎯মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সবল নেতৃত্বত কৃষি খণ্ডলৈ আশাৰ বতৰা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মে’ : যোৱা বছৰ বোকাখাত সমষ্টিৰ কৃষকসকলে উৎপাদন কৰা ২ কোটি টকাৰ ৰঙলাউ বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে এই বছৰত অঞ্চলটোৰ কৃষকসকলে প্ৰায় ৫.২৪ কোটি টকাৰ ৰঙালাউ প্ৰেৰণ কৰিছে। এয়া ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে অত্যন্ত উৎসাহজনক বতৰা। এই বছৰ আকৌ যথেষ্টসংখ্যক ৰঙালাউ বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰাৰ যোজা চলাই আছে। চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কুৰুৱাবাহী গাঁও পঞ্চায়তৰ লগতে এইবাৰ মধ্য মহুৰা আৰু দিচৈ গাঁও পঞ্চায়তৰ কৃষকসকলেও ৰঙালাউৰ খেতি কৰিছে। কিয়নো যোৱা বছৰ অঞ্চলটোৰ কৃষকসকলৰ সৈতে চৰকাৰে নিৰ্ধাৰণ কৰা ৰঙালাউ উৎপাদনৰ যি লক্ষ্য শীঘ্ৰে উপনীত হোৱাৰ দিশে গতি কৰিছে। আজি এই ৰঙালাউৰ খেতিয়কৰ সৈতে উপস্থিত থাকি ইয়াৰ গতিশীল দিশ সন্দৰ্ভত বুজ লয় মন্ত্ৰী অতুল বৰাই। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে কয়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে প্ৰৱৰ্তন কৰা কেতবোৰ অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ কৃষি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকে বাণিজ্যিক মূল্য থকা কৃষিত মনোনিবেশ কৰি স্বনিৰ্ভৰশীল হৈ উঠাৰ লগতে শিক্ষিত নিবনুৱাসকলেও স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে। ইফালে কৃষকসকল ৰঙালাউৰ খেতিৰ সম্ভাৱনাক সাকাৰ কৰা হেতু আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে অনাগত দিনবোৰত উৎপাদন অধিক বৃদ্ধি কৰিবলৈ কৃষি বিভাগৰ তৰফৰপৰা সম্ভৱ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে মন্ত্ৰী অতুল বৰাই।

You might also like