নিয়মীয়া বাৰ্তা, ২ মার্চঃ বাংগালুৰুৰ ফ্রীডম পার্কত যোৱা ২০ ফেব্রুৱাৰীত অনুষ্ঠিত এখন ‘কা’বিৰোধী সভাত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়া অমূল্য লিয়নাক বাংগালুৰুৰ এখন আদালতে ৫ মার্চলৈকে ন্যায়িক জিম্মাত ৰাখিবলৈ নির্দেশ দিছে ৷ উল্লেখ্য যে এআইএমআইএমৰ প্রধান আছাদুদ্দিন ওৱেছিৰ এখন সভাত অমূল্যই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াত তেওঁৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰ ৰজু হৈছিল আৰু ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছিল ৷