এদিন হ’লেও মই ভাৰতীয় দলৰ হৈ খেলিম : ৰিয়ান পৰাগ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : একাংশৰ বাবে সেয়া হয়তো চৰম অহংকাৰ যেন লাগিব৷ কিন্তু যেতিয়া অসমৰ তাৰকা অলৰাউণ্ডাৰ ৰিয়ান পৰাগে আপোনাৰ চকুত চকু থৈ ক’ব যে মই এদিন নহয় এদিন ভাৰতৰ হৈ খেলিম৷ এদিন হ’লেও ভাৰতীয় দললৈ মোক নির্বাচন কৰিব লাগিব৷ অসম সন্তান ৰিয়ান পৰাগে নিজৰ দক্ষতা আৰু প্রতিভাৰ ওপৰত ইমানেই আত্মবিশ্বাসী যে এদিন তেওঁ ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিব৷ এয়া তেওঁৰ দৃঢ় বিশ্বাস৷ অৱশ্যে সেই সুযোগৰ বাবে হয়তো কিছুদিন অপেক্ষা কৰিবলগীয়া হ’ব পাৰে যুৱ ক্রিকেটাৰগৰাকীয়ে৷ সংবাদ প্রতিষ্ঠানেৰে হোৱা এক সাক্ষাৎকাৰত ৰিয়ান পৰাগে কয় যে এটা সময়ত মোক ভাৰতীয় দললৈ নির্বাচন কৰিব৷ মোৰ বিশ্বাস মই ভাৰতৰ হৈ খেলিম৷ অৱশ্যে কেতিয়াকৈ ভাৰতীয় দলৰ হৈ মই খেলিম, সেয়া মই চিন্তা নকৰোঁ৷ টীম ইণ্ডিয়াৰ পৰৱর্তী ভ্রমণ হওক, ছমাহ অথবা এবছৰ পিছত শৃংখলা হওক, মই ভাৰতীয় দলত স্থান লাভ কৰিম৷ সেয়া নির্ভৰ কৰিব নির্বাচকৰ ওপৰত৷ মই অহংকাৰ কৰা নাই, এয়া মোৰ দৃঢ় বিশ্বাস৷ সদ্যসমাপ্ত আইপিএলত ৰাজস্থান ৰয়েলছৰ হৈ ৪ নম্বৰ স্থানত বেটিং কৰি প্রায় ১৫০ ষ্ট্রাইকৰেটত ৫৭৩ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয় অসমৰ ২২ বছৰীয়া ৰিয়ান পৰাগে৷ অসম সন্তানগৰাকীয়ে কয় যে যেতিয়া মই ৰান কৰা নাছিলোঁ, তেতিয়া মই আগৰ সাক্ষাৎকাৰতো কৈছিলোঁ যে মই নিশ্চিতভাৱে ভাৰতৰ হৈ খেলিম৷