নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত স্বাস্থ্য পৰীক্ষা-সজাগতা শিবিৰ সম্পন্ন

বিশেষ বার্তা, ৩১ মে’ : নাহৰকটীয়া অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আৰু নাহৰকটীয়া পৌৰসভাৰ সহযোগত নাহৰকটীয়া নগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এক মেগা স্বাস্থ্য আৰু সজাগতা শিবিৰৰ আয়োজন কৰা হয়। ডাঃ শৈলেন ৰয়, ডাঃ কৰবী বৰা, ডাঃ প্ৰণৱ হাজৰিকা, ডাঃ ৰাজলক্ষী ক্ষত্ৰীয় দেউৰী, ডাঃ মানস জ্যোতি ফুকন আদিকে ধৰি চিকিৎসকসকলৰ উপৰি সামূহিক স্বাস্থ্য বিষয়া ডাঃ নয়ন জ্যোতি চাংমাই, হেমাশ্ৰুতি শইকীয়া, প্ৰিয়াক্ষী পাঠক, ৰোহিণী দিহিঙীয়া, চিন্ময়ী সোণোৱাল, দীক্ষিতা গগৈ, লেব টেকনিচিয়ান দীপাংকৰ দাস, ৰূপজ্যোতি দাস, সামাজিক কৰ্মী লীলাৱতী ধাদুমীয়া, জিমলী বৰা, অৰুণ গগৈ, পাৰ্থ প্ৰতিম দুৱৰা, ফাৰ্মাচিষ্ট জিতুল সোণোৱাল, চকু চিকিৎসা সহায়ক মুকুল তালুকদাৰ আৰু জি এন এম স্মৃতা সোণোৱাল, মৌচুমী তালুকদাৰ আৰু উনিশা মহনে চিকিৎসা সেৱা আগবঢ়োৱা এই শিবিৰটোত বিভিন্ন ৱাৰ্ডৰ পৰা অহা ডেৰ শতাধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে অসংক্ৰামক ৰোগৰ পৰীক্ষা কৰি ৪৫জন ৰোগীৰ মাজত উচ্চ ৰক্তচাপ, ১৯জন ৰোগীৰ মাজত ডায়েবেটিছ আৰু ৮গৰাকী ৰোগীৰ মাজত কেটাৰেক্ট ৰোগৰ উপস্থিতি ধৰা পেলোৱা হয়। উল্লেখযোগ্য যে স্বাস্থ্য পৰীক্ষাৰ উপৰি ডায়েৰিয়া, কলেৰা, কাঠফুলাৰ বিষক্ৰিয়া, জে ই, ডেংগু ,পানী, বাহকজনিত ৰোগ, আৰ বি এছ কে আদিৰ সজাগতা সৃষ্টি কৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰত ৱাৰ্ড সদস্য অমূল্য চেংলাৰী, উদয় সোণোৱাল, পৰশমণি হাজৰিকা, ডিব্ৰুগড় জিলা নগৰ স্বাস্থ্য সমন্বয়ক চম্পা দাস, জিলা সংবাদ বিশেষজ্ঞ ডেইজী গগৈ, জিলা আৰ বি এছ কেৰ সমন্বয়ক আশাপূৰ্ণা ফুকন, নাহৰকটীয়া অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বিশ্বজিৎ বৰুৱা, নাহৰকটীয়া সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ-অধীক্ষক মঞ্জিত কুমাৰ বৰগোহাঁই, নাহৰণি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ বালক প্ৰসাদ কালোৱাৰ, খণ্ড আঁচনি প্ৰবন্ধক পল্লৱী গগৈ, সহকাৰী খণ্ড আঁচনি প্ৰবন্ধক নীলাক্ষি ভূঞা মহন্ত, নৱজ্যোতি ভাগৱতী আৰু বি চি এম ইন্দুৰেখা বাইলুং বৰুৱা আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like