নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপৰাধমূলক গোচৰত দোষী সাব্যস্ত প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প

🔹 পর্নষ্টাৰ ষ্ট’র্মিক নিশ্চুপ হ’বলৈ ধন আদায় দিয়া গোচৰত দোষী সাব্যস্ত 

🔹আমেৰিকাৰ ইতিহাসত অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা প্রথমগৰাকী প্রাক্তন ৰাষ্ট্রপতি ট্রাম্প

বিশেষ বাৰ্তা, ৩১ মে’ : অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ নিউয়র্কৰ আদালতে প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক পৰ্নষ্টাৰ ষ্ট’র্মি ডেনিয়েলছক তেওঁৰ সৈতে থকা সম্পর্ক সন্দৰ্ভত নিশ্চুপ হৈ থাকিবলৈ ধন আদায় দিয়াৰ গোচৰত দোষী সাব্যস্ত কৰিছে৷ পৰ্নষ্টাৰ ডেনিয়েলছক আদায় দিয়া ধন বাণিজ্যিক লেনদেনৰ তথ্যত মিথ্যাচাৰৰ আশ্রয় লোৱাৰ বাবে প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পক ৩৪ কাউণ্টছত দোষী সাব্যস্ত কৰে৷ নিউয়র্কৰ আদালতে প্রতিটো কাউণ্টতেই চাৰি বছৰকৈ কাৰাদণ্ড বিহাৰ বাবেও যুক্তি প্রদর্শন কৰে৷ আদালতে ৭৭ বছৰীয়া প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পক দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে তেওঁ নিজকে নির্দোষী বুলি দাবী কৰিছে৷ আমেৰিকাৰ ইতিহাসত অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হৈ কাৰাদণ্ডৰে দণ্ডিত হোৱা প্রথমগৰাকী প্রাক্তন ৰাষ্ট্রপতি হিচাপে পৰিগণিত হোৱা ড’নাল্ড ট্রাম্পৰ পৰৱর্তী ৰাজনৈতিক জীৱনো অনিশ্চয়তালৈ গতি কৰিছে৷ কিয়নো বর্তমান ড’নাল্ড ট্রাম্পে ৰাষ্ট্রপতি পদৰ বাবে ৰিপাব্লিকান প্রার্থী হিচাপে দেশৰ বিভিন্ন প্রান্তত প্রচাৰ অভিযানত আগবাঢ়ি আছে৷ কাৰাদণ্ডিত হোৱাৰ পাছত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে নির্বাচনত অৱতীর্ণ হোৱাটো অনিশ্চিত হৈ পৰিব৷ উল্লেখ্য যে নিউয়র্ক আদালতৰ ন্যায়াধীশ জুৱান মার্চেনে অহা ১১ জুলাইত কাৰাদণ্ডৰ দিন ধার্য কৰিছে৷ মিল্কাৱেট ৰিপাব্লিকান নেচনেল কনভেনচনত ট্রাম্পক দলটোৰ আনুষ্ঠানিক মনোনয়ন দাখিলৰ চাৰি দিন পূর্বে এই কাৰাদণ্ডৰ দিন ধার্য কৰিছে৷ পৰ্নষ্টাৰক নিশ্চুপ হৈ থাকিবলৈ ধন আদায় দিয়া গোচৰত নিউয়র্কৰ আদালতে বিগত দুদিন ধৰি ১১ ঘণ্টাতকৈও অধিক সময় শুনানিৰ অন্তত ট্রাম্পক দোষী সাব্যস্ত কৰে৷ পৰ্নষ্টাৰ ডেনিয়েলছসহ ২২গৰাকী সাক্ষীৰ সাক্ষ্য গ্রহণ কৰে ন্যায়াধীশে৷ ১২জনীয়া বিচাৰপীঠে ১১ ঘণ্টা ধৰি শুনানিৰ অন্তত এই বিষয়টোৰ ৰায়দান সর্বসন্মতিক্রমে মাত্র ৮০ ছেকেণ্ডৰ ভিতৰতে সমাপন কৰে৷ উল্লেখ্য যে পৰ্নষ্টাৰক ধন আদায় দিয়াৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাবাসৰ দিশে আগবাঢ়ি থকা প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ বিৰুদ্ধে ২০২০ চনৰ ৰাষ্ট্রপতি নির্বাচনত ষড়যন্ত্র কৰাৰ গোচৰো চলি আছে৷

You might also like